অসম

assam

ETV Bharat / bharat

Twitter account ban: ভাৰতৰ ৫৪ হাজাৰৰো অধিক একাউণ্ট নিষিদ্ধ কৰিছে টুইটাৰে - ভাৰতৰ ৫৪ হাজাৰৰো অধিক একাউণ্ট নিষিদ্ধ

যৌন সম্পৰ্কীয় বিষয়বস্তু শ্বেয়াৰ কৰা ভাৰতৰ ৫২,১৪১ একাউণ্ট নিষিদ্ধ কৰিছে টুইটাৰে (Twitter bans accounts in India)। সন্ত্ৰাসবাদৰ প্ৰচাৰ চলোৱা ভাৰতৰ ১,৯৮২ টা একাউণ্টো নিষিদ্ধ কৰিছে টুইটাৰে । এই সন্দৰ্ভত টুইটাৰে বিভিন্ন ধৰণৰ অভিযোগ লাভ কৰিছিল ।

Twitter
ভাৰতৰ ৫৪ হাজাৰৰো অধিক একাউণ্ট নিষিদ্ধ কৰিছে টুইটাৰে

By

Published : Nov 1, 2022, 3:12 PM IST

নেশ্যনেল ডেস্ক,১ নৱেম্বৰ :এলন মাস্কে টুইটাৰৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে বিভিন্ন ধৰণৰ টুইটাৰত বিভিন্ন পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে । সমান্তৰালকৈ ভুৱা একাউণ্ট আৰু টুইটাৰক অপব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধেও কঠোৰ হৈছে মাস্ক নেতৃত্বাধীন টুইটাৰ । শেহতীয়াকৈ ভাৰতৰ টুইটাৰ ব্যৱহাৰকাৰীৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে । কিয়নো আপত্তিজনক যৌনগন্ধী বিষয়বস্তু শ্বেয়াৰ কৰা ভাৰতৰ ৫২,১৪১ টা একাউণ্ট নিষিদ্ধ কৰিছে টুইটাৰে (Twitter bans accounts in India)।

২৬ আগষ্টৰ পৰা ২৫ ছেপ্টেম্বৰলৈ শিশু যৌন শোষণ, অসন্মতিপূৰ্ণ নগ্নতা আদি প্ৰচাৰ কৰা ভাৰতৰ একাউণ্টসমূহ নিষিদ্ধ কৰিছে টুইটাৰে । ইতিমধ্যে সন্ত্ৰাসবাদৰ প্ৰচাৰ চলোৱা ভাৰতৰ ১,৯৮২ টা একাউণ্টো নিষিদ্ধ কৰিছে টুইটাৰে । টুইটাৰে নতুন তথ্য প্ৰযুক্তি নিয়ম, ২০২১ৰ অধীনত মাহেকীয়া প্ৰতিবেদনত উল্লেখ কৰিছে যে অভিযোগ নিষ্পত্তি প্ৰণালীৰ জৰিয়তে এমাহত ভাৰতৰ ব্যৱহাৰকাৰীসকলৰ পৰা ১৫৭ টা অভিযোগ পোৱা গৈছিল আৰু সেই ইউআৰএলবোৰৰ ১২৯ টাৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

ইয়াৰ উপৰিও, একাউণ্ট নিষিদ্ধ কৰিবলৈ ৪৩ টা একাউণ্টে কৰা আবেদনৰ ক্ষেত্ৰতো কাম কৰা হৈছে । অৱশ্যে পৰিস্থিতিটো নিৰীক্ষণ কৰি একাউণ্টসমূহ Restore কৰা হোৱা নাই বুলিও উল্লেখ কৰিছে টুইটাৰে । অৱশ্যে এই সন্দৰ্ভত ১২ টা অনুৰোধ লাভ কৰিছিল বুলি উল্লেখ কৰিছে টুইটাৰে ।

বিগত মাহত, দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে কৈছিল যে শিশু পৰ্ণগ্ৰাফীৰ অভিযোগত টুইটাৰৰ পৰা পোৱা উত্তৰবোৰ অসম্পূৰ্ণ আৰু আয়োগ সেইবোৰত সন্তুষ্ট নহয় । মালিৱালে ২০ ছেপ্টেম্বৰত টুইটাৰত মহিলা আৰু শিশুৰ পৰ্ণগ্ৰাফী আৰু ধৰ্ষণৰ ভিডিঅ' শ্বেয়াৰ কৰা টুইটৰ বাবে টুইটাৰ ইণ্ডিয়া পলিচী হেড আৰু দিল্লী আৰক্ষীক মাতি পঠিয়াইছিল ।

শিশুৰ সৈতে জড়িত যৌন কাৰ্যৰ ভিডিঅ' আৰু ফটো মুকলিকৈ দেখুওৱা কেইবাটাও টুইটৰ উদাহৰণ দাঙি ধৰি আয়োগে কয় যে বেছিভাগ টুইটত শিশুসকলক সম্পূৰ্ণ উলংগ অৱস্থাত দেখুওৱা হৈছে (Twitter bans account for promoting sexual content)। টুইটাৰে কয় যে শিশু যৌন শোষণৰ বিষয়বস্তুৰ প্ৰচাৰ কৰা কোনো টুইট সহ্য কৰা নহ'ব । মাস্কে টুইটাৰত শিশু পৰ্ণগ্ৰাফী টুইটৰ বিষয়ে প্ৰতিবেদনৰ ওপৰতো গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । নতুন আইটি নিয়ম ২০২১-ৰ অধীনত, ৫ নিযুতৰো অধিক ব্যৱহাৰকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিছে টুইটাৰে ।

লগতে পঢ়ক :Elon Musk announcement : নিষিদ্ধ টুইটাৰ একাউণ্ট সহজে Restore নহয়

ABOUT THE AUTHOR

...view details