নেশ্যনেল ডেস্ক, 9 আগষ্ট : জাতিৰ পিতা মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীক মহাৰাষ্ট্ৰৰ ছাণ্টাক্ৰুজ আৰক্ষীয়ে আটক কৰিছে বুলি দাবী কৰিছে তুষাৰ গান্ধীয়ে । আগষ্ট বিপ্লৱ দিৱস উপলক্ষে শান্তি যাত্ৰা উলিওৱাৰ পূৰ্বেও ছাণ্টাক্ৰুজ আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে । ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বাৰ্তাত তুষাৰ গান্ধীয়ে কয়, ‘‘প্ৰতি বছৰৰ দৰে এইবাৰো আমি শান্তি যাত্ৰা উলিওৱাৰ বাবে কাৰ্যপন্থা হাতত লৈছিলো । কিন্তু শাসকসকলে এই শান্তি যাত্ৰাই আইন-শৃংখলাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি অনুভৱ কৰিছিল ।’’
মুম্বাইৰ চান্টাক্ৰুজ থানাত আৱদ্ধ কৰি ৰখা বুলি দাবী কৰি টুইটাৰত তুষাৰ গান্ধীয়ে কয়, "স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 9 আগষ্টৰ ভাৰত ত্যাগ দিৱসৰ স্মৃতিত ঘৰৰ পৰা ওলাই অহাৰ সময়ত মোক ছান্টাক্ৰুজ থানাত আৱদ্ধ কৰি ৰখা হৈছে । মই গৌৰৱান্বিত যে মোৰ আতা আৰু আইতা বাপু আৰু বাক ব্ৰিটিছ আৰক্ষীয়েও এই ঐতিহাসিক তাৰিখত গ্ৰেপ্তাৰ কৰিছিল ।"