নেশ্যনেল ডেস্ক, ২০ এপ্ৰিল:হিন্দু ধৰ্মৰ এগৰাকী দেৱতা হনুমানৰ অস্তিত্বকলৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে অন্ধ্ৰ প্ৰদেশৰ এটা বিখ্যাত ন্যাসৰ ওপৰত দৃষ্টি নিবদ্ধ সকলোৰে । কাৰণ তিৰুমালা তিৰুপতি দেৱাস্তানাম (টিটিডি)য়ে অতিশীঘ্ৰে ঘোষণা কৰিব ভগৱান হনুমান জন্মস্থান । ঐতিহাসিক সমল আৰু চিৰালাৰ এগৰাকী বিশিষ্ট পণ্ডিতৰ গৱেষণাৰ তথ্যৰ ওপৰত ভিত্তি কৰি হনুমানৰ জন্মস্থানৰ কথা ঘোষণা কৰিব । বিভিন্ন পৌৰাণিক কাব্যৰ মতে হনুমান আছিল তেলেগু ব্যক্তি ।
ইয়াৰ মাজতে প্ৰকাশম জিলাৰ চিৰালাৰ চিদাম্বৰা শাস্ত্ৰীয়ে দাবী কৰা মতে তিৰুমালা পাহাৰৰ অঞ্জনাদ্ৰী আছিল হনুমানৰ প্ৰকৃত জন্মস্থান । তেওঁ পৰশৰা সম্হুটগা নামৰ হনুমানৰ ওপৰত লিখা এখন বিশেষ গ্ৰন্থ অধ্যয়ন কৰিছিল । ১৯৭২ চনত তেওঁ হনুমানৰ জন্মস্থান আৰু ইতিহাসৰ ওপৰত গৱেষণা কৰিছিল আৰু টিটিডিক এই সন্দৰ্ভত প্ৰবন্ধ আৰু প্ৰতিবেদন দাখিল কৰিছিল । এতিয়া তেওঁ এই সম্পৰ্কত প্ৰমাণ দাখিল কৰিব বুলি আশা কৰা হৈছে । উপযুক্ত প্ৰমাণৰ ভিত্তিত গৱেষকগৰাকীয়ে হনুমানৰ জন্মস্থান ঘোষণা কৰাৰ সম্ভাৱনা আছে ।
অৱশ্যে, হনুমানৰ জন্মস্থানকলৈ বিভিন্ন জনে পূৰ্বে বহু মন্তব্য কৰিছে । গোপালানন্দ বাবাই শেহতীয়াকৈ কৈছিল যে হনুমানৰ জন্মস্থান ঝাৰখণ্ড । গোবিন্দানন্দ সৰস্বতীয়ে দাবী কৰা মতে হনুমানৰ জন্মস্থান কৰ্ণাটকৰ হাম্পিৰ কিশকিন্দাত ।