আগৰতলা,৪ মাৰ্চ :জনজাতীয় অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত্বশাসিত জিলা পৰিষদে (TTAADC) বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । শেহতীয়াকৈ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি হাতত লৈছে পৰিষদে । এইবাৰ অঞ্চলটোৰ ৰাইজক স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত সুবিধা প্ৰদানৰ উদ্দেশ্যে পৰিষদে এপ'ল' চিকিৎসালয়ৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে (TTAADC signed a MoU with Apollo Hospital)।
পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য কমল কালাই চুক্তি সন্দৰ্ভত কয় যে বৰ্তমানৰ জিলা পৰিষদে গ্ৰাম্য অঞ্চলৰ লোকসকলৰ স্বাস্থ্যসেৱাৰ মানদণ্ড উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে । তাৰ অংশস্বৰূপে পৰিষদে এই চুক্তিত স্বাক্ষৰ কৰিছে । চুক্তি স্বাক্ষৰ কাৰ্যসূচীত অধ্যক্ষ প্ৰদ্যুত বিক্ৰম কিশোৰ মণিক্য দেববৰ্মাৰ লগতে এপ'ল'ৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।