আগৰতলা, 1 মে' :ত্ৰিপুৰা ট্ৰাইবেল কাউন্সিল অঞ্চল সমূহৰ উন্নয়নমূলক দিশসমূহৰ বিষয়ে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শুকুৰবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টিপ্ৰা ম'থাৰ প্ৰধান প্ৰদ্যুত কিশোৰ দেৱবৰ্মন আৰুনৱ নিৰ্বাচিতত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি) ৰ মুখ্য কাৰ্যবাহী সদস্য আৰু নতুন পৰিষদৰ কাৰ্যবাহী সদস্য সকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷
এই বৈঠকে ৰাজনৈতিক বিৰোধী সকলক একেখন চালিৰ তলত একগোট কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক খনক বহু কেইগৰাকী ৰাজনৈতিক বিশ্লেষকে ৰাজ্যৰ ৰাজনীতিত এক নতুন ৰাজনৈতিক অধ্যায় হিচাপে আখ্যা দিছে ৷