ত্ৰিপুৰা, 19 এপ্ৰিল : ত্ৰিপুৰা স্বায়ত্ব শাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচিত প্ৰাৰ্থী সকলে ৷ উল্লেখ্য যে, ত্ৰিপুৰা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতে জনজাতি অধ্যুষিত অঞ্চলত এক ভয়ংকৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷
এই হিংসাত্মক ঘটনাৰ প্ৰতিবাদ কৰাৰ লগতে টিআইপিআৰএ মোথাৰ কৰ্মীসকলে ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি শপত গ্ৰহণ অনুষ্ঠান বৰ্জন সিদ্ধান্ত গ্ৰহণ কৰে বিজেপিৰ নিৰ্বাচিত কৰ্মী সকলে ৷ এই কথা সদৰি কৰিছে বিজেপিৰ জিলা পৰিষদৰ সদস্য বিমল কান্তি চাকমাই ৷ উল্লেখ্য যে, 19 এপ্ৰিলত অৰ্থাৎ আজি অনুষ্ঠিত হ'ব ত্ৰিপুৰা স্বায়ত্ব শাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্য সকলৰ শপত গ্ৰহণ অনুষ্ঠান ৷
ত্ৰিপুৰা স্বায়ত্ব শাসিত পৰিষদৰ বাবে বিজেপিৰ 9 জন প্ৰাৰ্থী নিৰ্বাচিত হৈছিল ৷ এই 9 জন প্ৰাৰ্থী শপত গ্ৰহণ বাবে সুকীয়াকৈ দিন ধাৰ্য কৰিবলৈও দাবী জনোৱা হৈছে ৷ বিজেপিৰ জিলা পৰিষদৰ সদস্য বিমল কান্তি চাকমাই সংবাদমেল সম্বোধন কৰি সদৰি কৰা মতে ইতিমধ্যে ত্ৰিপুৰা ৰাজ্যপাললৈ বিজেপিৰ 9 জন প্ৰাৰ্থী দিন ধাৰ্য কৰাৰ পত্ৰও প্ৰেৰণ কৰা হৈছে ৷