নিউজ ডেস্ক, 3 জানুৱাৰী :উত্তৰ প্ৰদেশৰ ৰায়বৰেলী জিলাত ধৰ্ম পৰিৱৰ্তন কৰা এটা পৰিয়ালক এক বিশেষ সমূদায়ে জীৱন্তে জ্বলোৱাৰ চেষ্টা কৰে ৷ জিলাখনৰ ছলোন আৰক্ষী থানাৰ অন্তৰ্গত অতাপুৰ ৰতাছো গাঁৱত শনিবাৰে নিশা বিশেষ সমূদায়ৰ একাংশ লোকে এটা ঘৰত অগ্নি সংযোগ কৰি বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি দিয়ে ৷ উক্ত সময়ত ঘৰখনত দেৱ প্ৰকাশ পেটেলে তেওঁৰ দুই পুত্ৰ সন্তান আৰু এগৰাকী কন্যাৰ সৈতে শুই আছিল ৷ আবদ্ধ পৰিয়ালটোৱে দৰ্জা বন্ধ থকাৰ বাবে বাহিৰলৈ ওলাব নোৱাৰি ভিতৰৰ পৰাই চিঞৰ বাখৰ কৰাত চুবুৰীয়াই ঘটনা প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত গাঁওবাসীৰ তৎপৰতাত উদ্ধাৰ হয় পৰিয়ালটোৰ আটাইকেইজন সদস্য ৷
ইফালে অগ্নিকাণ্ডৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যথেষ্ট সময়ৰ চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডত সোভাগ্যক্ৰমে কোনো লোক হতাহত নহলেও সম্পূৰ্ণ ঘৰটো ভষ্মীভূত হয় ৷