অসম

assam

By

Published : May 25, 2021, 1:14 PM IST

ETV Bharat / bharat

টুলকিট সন্দৰ্ভত ৰাহুল গান্ধীৰ বিশেষ টুইট...

'ক'ভিড টুলকিট' সন্দৰ্ভত কৰা অভিযোগৰ তদন্ত সন্দৰ্ভত দিল্লী আৰক্ষীয়ে টুইটাৰ ইণ্ডিয়ালৈ জাননী প্ৰেৰণ কৰাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে সত্যই ভয় নকৰে ।

Truth remains unafraid
টুলকিট সন্দৰ্ভত ৰাহুল গান্ধীৰ বিশেষ টুইট

নেশ্যনেল ডেস্ক,২৫ মে':'ক'ভিড টুলকিট' সন্দৰ্ভত কৰা অভিযোগৰ তদন্ত সন্দৰ্ভত দিল্লী আৰক্ষীয়ে টুইটাৰ ইণ্ডিয়ালৈ জাননী প্ৰেৰণ কৰাৰ পিছতে বিশেষ টুইট কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । মঙলবাৰে টুইট কৰি ৰাহুল গান্ধীয়ে কয় যে সত্যই ভয় নকৰে ।

দিল্লী আৰু গুৰগাঁৱত টুইটাৰৰ কাৰ্যালয়ত দুটা আৰক্ষীৰ দলৰ অভিযানৰ পিছতে কংগ্ৰেছে সোমবাৰে অভিযোগ কৰে যে বিজেপি নেতাসকলৰ "প্ৰৱঞ্চনামূলক টুলকিট" লুকুৱাবলৈ দিল্লী আৰক্ষীয়ে মাইক্ৰ'ব্লগিং ছাইটৰ কাৰ্যালয়ত অভিযান চলাই কাপুৰুষালি প্ৰকাশ কৰিছে ।

উল্লেখ্য যে বিজেপিয়ে কংগ্ৰেছৰ ওপৰত এটা 'টুলকিট' সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি কৈছিল যে ই মহামাৰীৰ মোকাবিলাক লৈ দেশ আৰু প্ৰধানমন্ত্ৰী মোডীৰ ভাৱমূৰ্তি কলুষিত কৰিব বিচাৰে । আনহাতে কংগ্ৰেছে এই অভিযোগ অস্বীকাৰ কৰে আৰু দাবী কৰে যে বিজেপিয়ে বদনাম কৰিবলৈ এটা ভুৱা 'টুলকিট' প্ৰচাৰ কৰিছে । ইফালে যোৱা সপ্তাহত টুইটাৰে বিজেপি মুখপাত্ৰ সম্বিত পাত্ৰৰ এটা টুইটক "মেনিপুলেটেড মিডিয়া" বুলি লেবেল লগাইছিল ।

লগতে পঢ়ক:ঘূৰ্ণী বতাহ : ক্ষতিৰ মাত্ৰা কমোৱাৰ ওপৰত গুৰুত্ব দিব লাগে

ABOUT THE AUTHOR

...view details