অসম

assam

Azadi Ka Amrit Mahotsav: ত্ৰিপুৰাৰ বনমালিপুৰত বিজেপিৰ মটৰ চাইকেল ৰেলী

By

Published : Aug 11, 2022, 3:14 PM IST

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে এইবাৰ আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav)দেশজুৰি পালন কৰা হৈছে । স্বাধীনতা দিৱসৰ অংশ হিচাপে ত্ৰিপুৰাৰ বনমালিপুৰ বিধানসভা সমষ্টিত উলিওৱা হয় এক মটৰ চাইকেল ৰেলী(BJPs Bike rally in his Banamalipur in Agartala)।

Azadi Ka Amrit Mahotsav
ত্ৰিপুৰাৰ বনমালিপুত বিজেপিৰ মটৰ চাইকেল

আগৰতলা, ১১আগষ্ট:ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে এইবাৰ আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav)দেশজুৰি পালন কৰা হৈছে । চৰকাৰে ঘোষণা কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’(Har Ghar Tiranga)কাৰ্যসূচী অনুসৰি সকলোৰে ঘৰত উৰিব ভাৰতীয় ত্ৰিৰংগা ৷ ত্ৰিপুৰাতো আজাদী কা অমৃত মহোৎসৱ সফল কৰিবলৈ সকলোৱে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে এই ক্ষেত্ৰত আগভাগ লৈছে ।

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অংশ হিচাপে ত্ৰিপুৰাৰ বনমালিপুৰ বিধানসভা সমষ্টিত উলিওৱা হয় এক মটৰ চাইকেল ৰেলী(BJPs Bike rally in his Banamalipur Assembly Constituency in Agartala)। ৰাজ্য়খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে বৃহস্পতিবাৰে আগৰতলাত তেওঁৰ বনমালিপুৰ বিধানসভা সমষ্টিত এক মটৰ চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে(former Tripura Chief Minister Biplab Kumar Deb)৷ উক্ত ৰেলীত অংশ গ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই মটৰ চাইকেল ৰেলী সাধাৰণ মটৰ চাইকেল ৰেলী নহয়, দেশপ্ৰেমৰ বাবে এক সমদল । তেও পুনৰ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত দেশৰ স্বাধীনতাৰ ৭৫ তম বছৰ উদযাপন কৰিবলৈ দেশখনৰ বিজেপিৰ সকলো কৰ্মকৰ্তাই বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছে । বনমালিপুৰতো দেশজুৰি ৰূপয়ন হৈ থকা কাৰ্যসূচীৰ লগতে বিজেপি আৰু যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলে এই মটৰ চাইকেল ৰেলীৰ আয়োজন কৰা বুলি তেওঁ কয় ।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,'এজন প্ৰকৃত দেশপ্ৰেমীয়ে এখন শক্তিশালী দেশ গঢ়িব পাৰে । কেৱল দেশপ্ৰেমেইহে এখন শক্তিশালী দেশ উপহাৰ দিব পাৰে ।' তেওঁ পুনৰ কয় যে এজন প্ৰকৃত দেশপ্ৰেমীয়ে এখন শক্তিশালী দেশ গঢ়িব পাৰে । এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক পদক্ষেপ গ্ৰহণ কৰিছে ।' সমগ্ৰ ৰাজ্যতে সকলো লোকে দেশক স্বাৱলম্বী, শক্তিশালী কৰাৰ বাবে কাম কৰিব বুলি আশা প্ৰকাশ কৰে । নতুন ত্ৰিপুৰা গঢ়ি তুলিবলৈ এই পথেৰে কাম কৰিবলৈ তেওঁ ৰাজ্য়খনৰ সকলো নাগৰিককে আহ্বান জনায় ।

লগতে পঢ়ক:Tripura political crisis: বিজেপি-তৃণমূল কংগ্ৰেছৰ নেতাৰ কংগ্ৰেছত যোগদান

ABOUT THE AUTHOR

...view details