নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ :বিগত বছৰসমূহৰ দৰে এইবাৰো দেশৰ ৰাজধানী দিল্লীৰ প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Pollution in Delhi has taken a terrible turn) । কিছুদিন পূৰ্বে প্ৰদূষণে ইমানে ভয়াৱহ ৰূপ লৈছিল যে দিল্লীৰ বিদ্যালয়, মহাবিদ্যালয় আদি বন্ধ ৰাখিবলগীয়া হৈছিল । অৱশ্যে শেহতীয়াকৈ বায়ু প্ৰদূষণ কিছু কমিছে (Delhi's air pollution has reduced somewhat)।
বায়ুমণ্ডলৰ পৰস্থিতিও কিছু উন্নত হৈছে । যাৰ বাবে বিদ্যালয়সমূহ পুনৰ খোলাৰ সিদ্ধান্ত লৈছে চৰকাৰে । দিল্লী চৰকাৰে ঘোষণা কৰা মতে প্ৰদূষণৰ বাবে বন্ধ থকা বিদ্যালয়সমূহ অহা ২৯ নৱেম্বৰৰ পৰা খুলিব পাৰিব । দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে ।
গোপাল ৰায়ে কয় যে দিল্লীত প্ৰদূষণৰ উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছিল । একে সময়তে, ব্যক্তিগত আৰু চৰকাৰী প্ৰতিষ্ঠানবোৰৰ কৰ্মচাৰীসকলক সম্ভৱ হ'লে ঘৰৰ পৰাই কাম কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল । মন্ত্ৰীগৰাকীৰ মতে পৰিস্থিতি কিছু উন্নত হৈছে । সেয়ে চৰকাৰে বিদ্যালয়,মহাবিদ্যালয়সমূহ পুনৰ খোলাৰ সিদ্ধান্ত লৈছে ।