নিউজ ডেস্ক, ২ জানুৱাৰী:ঔপনিৱেশিক যুগৰ অপৰাধমূলক আইন পৰিবৰ্তন কৰি হিট এণ্ড ৰাণ গোচৰত কাৰাদণ্ড বৃদ্ধি কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি ট্ৰাক চালকৰ মাজত প্ৰতিবাদ আৰম্ভ হৈছে । এই নতুন আইনৰ অধীনত পলায়ন আৰু দুৰ্ঘটনাৰ খবৰ নিদিয়াৰ বাবে চালকক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব । পূৰ্বে এই গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৪ এ ধাৰাত (গাফিলতিৰ ফলত মৃত্যু হোৱা) অভিযুক্তক মাত্ৰ দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল ।
এই নতুন আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে । উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, হাৰিয়ানা, ৰাজস্থানকে ধৰি বহু ৰাজ্যত এই প্ৰতিবাদে ব্যাপক ৰূপ লৈছে ৷ হাৰিয়ানাত ১ জানুৱাৰীৰ পৰা ব্যক্তিগত বাছ কৰ্মচাৰীয়ে ধৰ্মঘট কৰাৰ বিপৰীতে অটো চালকসকলেও নতুন আইনখনৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী মুকলি কৰিছে ।
ইফালে উত্তৰ প্ৰদেশত একেধৰণৰ বিক্ষোভ সংঘটিত হৈছে ৷ ৰাজ্যখনৰ বাছ চালকসকলে ট্ৰাক চালকৰ সৈতে একত্ৰিতভাবে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ মধ্যপ্ৰদেশত ট্ৰাক আৰু টেংকাৰ চালকসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছে । ১ জানুৱাৰীত পশ্চিমবংগৰ হুগলী জিলাত একাংশ ট্ৰাক চালকে নতুন আইনখনৰ প্ৰতিবাদত ২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল ।