নেশ্যনেল ডেস্ক, 21 ছেপ্টেম্বৰ:মানুহৰ মৌলিক প্ৰযোজনৰ তিনিটা মূল উপাদান হৈছে খাদ্য, বাসস্থান আৰু বস্ত্ৰ ৷ কিন্তু যেতিয়া এজন লোকে এই তিনিওটা অধিকাৰৰ পৰাই বঞ্চিত হ‘বলগা হয়, তেতিয়া সেই ব্যক্তিৰ জীৱন যাত্ৰাৰ পথ কিমান দুৰ্বিসহ হ’ব পাৰে সেইয়া কল্পনাৰো অতীত ৷ ৰাতিটো কোনোমতে কটাবলৈ পদপথকে আশ্ৰয়স্থল কৰি লোৱা এনে একাংশ লোকৰ বাবে এতিয়া ত্ৰাসৰ কাৰণ হৈ পৰিছে দ্ৰুতবেগী বাহনসমূহ ৷
মঙলবাৰে পুৱতি নিশা প্ৰায় 1.51 বজাত দেশৰ ৰাজধানীৰ সীমাপুৰী অঞ্চলত পদপথত শুই থকা অৱস্থাত এখন ট্ৰাকে 6 গৰাকী লোকক মহতিয়াই লৈ যায়(Truck crushed people on footpath)৷ ছয়জন লোকৰ ভিতৰত দুজনৰ ঘটনাস্থলীত মৃত্যু হয় (4 died in truck crash)৷
আনহাতে চাৰিজনক আৰক্ষীয়ে ততাতৈয়াকৈ জিটিবি চিকিৎসালয়লৈ নি ভৰ্তি কৰে ৷ চিকিৎসাৰ সময়তে দুজন লোকৰ মৃত্যু বুলি জানিব পৰা গৈছে ৷ আনহাতে দুজনৰ অৱস্থা এতিয়াও সংকটজনক (2 injured in truck crash)৷ এই ভয়ংকৰ দুৰ্ঘটনাত মুঠ 4 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে ৷