অসম

assam

ETV Bharat / bharat

Road accident at Pune: পুনেত শোকাৱহ পথ দুৰ্ঘটনাত নিহত ৪,আহত ২২ - Road accident at Pune

পুনে-বেংগালুৰু ঘাইপথত দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু (Tragic incident at Pune) । এই ঘটনাত আহত হৈছে ২২ জন লোক । দেওবাৰে পুৱাতি নিশা সংঘটিত এই পথ দুৰ্ঘটনা ৷

Accident at Pune
পুনে-বেংগালুৰু ঘাইপথত দুৰ্ঘটনা

By

Published : Apr 23, 2023, 11:02 AM IST

নেশ্য়নেল ডেস্ক, 23 এপ্ৰিল:পুনে চহৰৰ সমীপত নাৰহেত পুনে-বেংগালুৰু ঘাইপথত দেওবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Accident at Pune)। পুনে চহৰৰ ওচৰৰ পুনে-বেংগালুৰু ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাটোত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন 22 জন লোক আহত হয় (Pune Bengaluru Highway)। এই বিষয়ে সদৰী কৰিছে ৰায়গড়ৰ আৰক্ষী অধীক্ষকে (Truck Bus accident at Pune)।

ৰায়গড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত কয়, "দেওবাৰে পুৱা ৰাজপথত এখন ট্ৰাক আৰু এখন ব্যক্তিগত বাছৰ মাজত সংঘৰ্ষ হয় ( Maharastra accident today ) ৷ এই সংঘৰ্ষত চাৰিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন 22 জন লোক আহত হয় ৷ " আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি পথ দুৰ্ঘটনাটো দেওবাৰে পুৱা প্ৰায় ৩ বজাত সংঘটিত হয় । ইফালে, আহত লোকসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে উল্লেখ কৰি লগতে কয়,"বিষয়টো সন্দৰ্ভত অধিক তথ্য় লাভৰ বাবে অনুসন্ধান কৰি থকা হৈছে ( Maharastra bus truck accident )।"

ৰায়গড়ৰ আৰক্ষী অধীক্ষকে (SP of Raigad) কয়, "এই বাছখনত 40 ৰ পৰা 45 জন লোক আছিল । এই লোকসকলৰ ভিতৰত 4 জন লোকৰ মৃত্যু হৈছে আৰু 22 জনৰো অধিক লোক আহত হৈছে । উদ্ধাৰ এতিয়াও চলি আছে । বাছখন উদ্ধাৰ কৰিবলৈ এখন ক্ৰেইন মাতি অনা হৈছে ( Maharastra updates )।" বাছখনৰ যাত্ৰীসকল গোৰেগাঁও অঞ্চলৰ এটা সংগঠনৰ আছিল । তেওঁলোকে পুনে ভ্ৰমণৰ বাবে গৈ এটা অনুষ্ঠানলৈ উভতি আহি থাকোতেই দুৰ্ঘটনাটো সংঘটিত হয় । উল্লেখ্য় যে ইয়াৰ পূৰ্বে যোৱা 15 এপ্ৰিলত মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ খোপলি অঞ্চলত এখন বাছ খাৱৈত পৰি যোৱাৰ ফলত 12 জন লোক নিহত হৈছিল (Accident at Raigad in Maharashtra) । এই দুৰ্ঘটনাটোত 25 জনৰো অধিক লোক আহত হৈছিল ।

লগতে পঢ়ক:Same sex marriage petitions : ২৪ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে গ্ৰহণ নকৰে সমকামী বিবাহ আবেদনৰ শুনানি

ABOUT THE AUTHOR

...view details