অসম

assam

ETV Bharat / bharat

Tripura assembly election 2023: নিৰ্বাচনৰ পূৰ্বে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত বিজেপিৰ বিসম্বাদী নেতাসকল - ২০২৩ চনত অনুষ্ঠিত হ'ব ত্ৰিপুৰাৰ বিধান সভা নিৰ্বাচন

ত্ৰিপুৰাৰ আহি থকা নিৰ্বাচনক (Tripura assembly election 2023) লৈ ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত বিভিন্ন ৰাজনৈতিক দল । ইয়াৰ মাজতে বিজেপিৰ বিদ্ৰোহী বিধায়কসকলে স্থানীয় একাংশ নেতাৰ সৈতে বৈঠকত মিলিত হয় (Tripuras rebel MLAs meets local leader)। বিদ্ৰোহী নেতা আশীষ সাহাৰ মতে বাওঁমৰ্চাক ক্ষমতাৰ পৰা উৎখাত কৰাৰ বাবে যুঁজ দিয়া প্ৰকৃত নেতাসকলে এতিয়া সকলো ধৰণৰ সুবিধাৰ পৰা বঞ্চিত হৈছে ।

Tripura assembly election 2023
ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত বিজেপিৰ বিসম্বাদী নেতাসকল

By

Published : Jan 29, 2022, 6:30 PM IST

আগৰতলা,২৯ জানুৱাৰী :অহা বছৰ অৰ্থাৎ ২০২৩ চনত অনুষ্ঠিত হ'ব ত্ৰিপুৰাৰ বিধান সভা নিৰ্বাচন (Tripura assembly election 2023)। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে ৰাজ্যখনত স্থিতি শক্তিশালী কৰাৰ বাবে বিভিন্ন পন্থা হাতত লৈছে । কিন্তু ইয়াৰ মাজতে শাসকীয় বিজেপিৰ কেইবাগৰাকী বিসম্বাদী শিবিৰৰ বিধায়কো একলগ হোৱা দেখা গৈছে । নিৰ্বাচনক লৈ ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে বিজেপিৰ বিসম্বাদী শিবিৰৰ নেতা সুদীপ ৰয় বৰ্মন আৰু আশীষ সাহাকে ধৰি বিদ্ৰোহী বিধায়কসকলে পশ্চিম জিলাৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিৰ পৰা অহা স্থানীয় বিজেপি নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয় (Tripura's rebel MLAs meets local leader)।

বৈঠকৰ পাছতে সাংবাদিকৰ সন্মুখত গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক আশীষ কুমাৰ সাহাৰ । তেওঁ কয় যে বাওঁমৰ্চাক ক্ষমতাৰ পৰা উৎখাত কৰাৰ বাবে যুঁজ দিয়া প্ৰকৃত নেতাসকলে এতিয়া সকলো ধৰণৰ সুবিধাৰ পৰা বঞ্চিত হৈছে আৰু এতিয়া অপমানিত হ'বলগীয়া হৈছে । সাহাৰ মতে চৰকাৰৰ দায়িত্ব হৈছে মানুহক আৰ্থ-সামাজিক আৰু সামাজিক সুৰক্ষা প্ৰদান কৰা, কিন্তু বৰ্তমান সেয়া ৰাজ্যৰ কোনো ঠাইত নাই বুলি অভিযোগ কৰে বিসম্বাদী নেতাগৰাকীয়ে ।

ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত বিজেপিৰ বিসম্বাদী নেতাসকল

তেওঁ কোৱা মতে তেওঁলোকে ত্ৰিপুৰাৰ সকলো জিলা ভ্ৰমণ কৰিছে আৰু বাওঁপন্থী বিৰোধী ৰাজনীতিত প্ৰগতিশীল ভূমিকাৰ নেতৃত্ব দিয়া লোকসকলক সাক্ষাৎ কৰিছে লগতে তেওঁলোকৰ সৈতে বৈঠকত মিলিত হৈছে । বিধায়ক সাহাই অৱশ্যে দাবী কৰে যে সাধাৰণ মানুহৰ অসন্তুষ্টি দিনক দিনে বৃদ্ধি পাইছে ।

তেওঁ লগতে কয় যে কেৱল সাধাৰণ মানুহেই নহয়, তৃণমূল পৰ্যায়ৰ নেতাসহ বহুতো নেতাও সন্তুষ্ট নহয় । তেওঁ দাবী কৰা মতে বৰ্তমানৰ চৰকাৰে বাওঁ পন্থী শাসনৰ সমাপ্তিৰ বাবে যুঁজ দিয়া প্ৰকৃত নেতাসকলকো বিভিন্ন ধৰণে অপমানিত আৰু বঞ্চিত কৰিছে । সেয়ে তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে সকলোবোৰ সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় ৰণনীতি প্ৰস্তুত কৰাটো প্ৰয়োজন ।

লগতে পঢ়ক :ত্ৰিপুৰা চৰকাৰক নিয়ন্ত্ৰণহীন আখ্যা চিপিআইএমৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details