নেশ্যনেল ডেস্ক, ২৬ মাৰ্চ: জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চল লাৱাইপ'ৰাত শ্বহীদ হ'ল ত্ৰিপুৰাৰ মংগৰাম দেৱবাৰ্মা । বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত দেশমাতৃৰ হকে সাহসেৰে যুঁজি প্ৰাণ আহুতি দিলে চি আৰ পি এফৰ বিষয়াগৰাকীয়ে ।
সন্ত্ৰাসবাদীৰ আক্ৰমণত অশোক কুমাৰ নামৰ আন এজন জোৱান শ্বহীদ হোৱাৰ লগতে দুজন জোৱান আহত হয় । ঘটনাৰ পিছতে আটাইকে ৯২ বেছ হাস্পতাললৈ নিয়া হৈছিল যদিও দুগৰাকী জোৱানক চিকিৎসকে মৃত ঘোষণা কৰে । শ্বহীদ মংগৰাম দেৱবাৰ্মাৰ ঘৰ ত্ৰিপুৰাৰ গোমতী জিলাৰ টাইডু অঞ্চলত ।