অসম

assam

By

Published : Apr 27, 2021, 2:04 PM IST

ETV Bharat / bharat

এটুপি খোৱাপানী যেতিয়া মাথো নিৰ্বাচনী প্ৰতিশ্ৰুতি হয়...

ত্ৰিপুৰাৰ কালাঝাৰী মেইণ্টিলা অঞ্চলৰ ৰাইজ বঞ্চিত হৈ আছে এটুপি খোৱাপানীৰ পৰা ৷ নিৰ্বাচনৰ বতৰত বহু ৰাজনৈতিক দলেই কয় তেওঁলোকৰ সমস্যা সমাধানৰ কথা ৷ কিন্তু, বাস্তৱত আজিকোপতি দিঠক হোৱা নাই ৰাইজৰ এটুপি পানীৰ সপোন ৷

Tripura, water, crisis remote helmet
এটুপি খোৱা পানী যেতিয়া মাথো নিৰ্বাচনী প্ৰতিশ্ৰুতি হয়

ত্ৰিপুৰা,27 এপ্ৰিল: নিৰ্বাচন আহে আৰু যায়। নিৰ্বাচনৰ সময়ত দীঘলীয়া প্ৰতিশ্ৰুতি আৰু আশ্বাসো আহে যথেষ্ট পৰিমাণে । কিন্তু, এটুপি খোৱা পানীৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে বাৰে বাৰে ।

ত্ৰিপুৰাৰ কালাঝাৰী মেইণ্টিলা অঞ্চলৰ কেইবাটাও এলেকাৰ ৰাইজৰ পানীৰ চিৰস্থায়ী সংকট বাঢ়িয়েই আছে ক্ৰমাগতভাৱে ৷ ধলাই জিলাৰ গান্দাচেৰে মহকুমাৰ অন্তৰ্গত থিয় পাহাৰৰ শীৰ্ষত থকা এই মানুহখিনিয়ে খোৱাপানীৰ তীব্ৰ অভাৱত দিন অতিবাহিত কৰিছে ৷ স্থানীয় ডিডব্লিউএছ (খোৱাপানী আৰু অনাময় বিভাগ) ৰ এক সূত্ৰই জনায় যে, ভৌগোলিক কাৰণৱশত তেওঁলোক এতিয়াও পানী সংযোগৰ মানচিত্ৰৰ বাহিৰত আছে যদিও তেওঁলোকক খোৱা পানী যোগানৰ আওতালৈ অনাৰ চেষ্টা চলি আছে ।

ঝুম খেতিক জীৱিকাৰ উৎস হিচাপে লৈ বাস কৰা এই অঞ্চলৰ পৰিয়ালবোৰে প্ৰতিটো নিৰ্বাচনৰ আগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতাক তেওঁলোকৰ নিজৰ সমস্যাৰ কথা কোৱা শুনে আৰু বহুতকেই মৌখিকভাৱে তেনে সমস্যাৰ সমাধান বিচাৰি উলিওৱা শুনি আহিছে ৷ কিন্তু বাস্তৱত আজিকোপতি তেওঁলোকৰ সপোন পূৰণ নহ’ল ৷

তদুপৰি এই অঞ্চলৰ উচ্চ ভূখণ্ডৰ বাবে পুখুৰী খনন অথবা কুঁৱা খন্দা সম্ভৱপৰ নহয় । আনহাতে, প্ৰতি বছৰে গ্ৰীস্মকালত তেওঁলোকৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰে ৷ উপায়হীন হৈ স্থানীয় লোকসকলে এতিয়া আন্দোলনৰ পথ বাচি লোৱাৰ কথা চিন্তা কৰি চৰকাৰৰ ওচৰত সমস্যা সমাধানৰ বাবে দাবী জনাইছে ৷

লগতে পঢ়ক :বিজেপি গমনৰ ইংগিত অংকিতা দত্তৰ

ABOUT THE AUTHOR

...view details