আগৰতলা, ২৭ জুন :ত্ৰিপুৰাত এইবাৰ প্ৰতিবাদত বহিল চৰকাৰী চাকৰিৰ পৰা বঞ্চিত একাংশ পশু চিকিৎসক (Veterinary doctor) । শেহতীয়া চৰকাৰৰ নিযুক্ত সম্পৰ্কীয় এক ঘোষণাকলৈ অসন্তুষ্ট চিকিৎসকসকল । বিসংগতিপূৰ্ণ নিযুক্তিৰ দাবীত সেয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে চিকিৎসকসকলে । মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক সাক্ষাৎ কৰিব নোৱাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে বঞ্চিত চিকিৎসকসকলে ।
ৰাজ্যখনৰ পশু সম্পদ বিকাশ বিভাগ (Animal Resources Development Department) ১১৮ খালী পদৰ বিপৰীতে ১৬ টা পদত নিযুক্তি দিয়াৰ চিন্তা-চৰ্চা কৰিছে । আনকি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা মতে ৰাজ্যিক কেবিনেটে ১৬ টা পদৰ নিযুক্তিৰ এক প্ৰস্তাৱত অনুমোদন জনাইছে । কিন্তু জানিব পৰা মতে এই ১৬ টা পদৰ ভিতৰত এটাও UR অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ বাবে পদ নাই । ১৬ টা পদৰ ভিতৰত নটা অনুসূচীত জাতিৰ (scheduled caste) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আৰু বাকীবোৰ অনুসূচীত জনজাতিৰ (scheduled tribes) বাবে সংৰক্ষিত ।
এই খবৰ পোৱাৰ পিছতে অসন্তুষ্ট নিযুক্তিৰ সন্ধানত থকা চিকিৎসকসকল । যাৰ বাবে উক্ত বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে তেওঁক সাক্ষাৎ কৰিবলৈ আহে একাংশ নিযুক্তি প্ৰত্যাশী চিকিৎসক । কিন্তু আগতীয়া অনুমতি নোলোৱাৰ বাবে তেওঁলোকক সাক্ষাৎ কৰিবলৈ নিদিলে আৰক্ষীয়ে ।