অসম

assam

ETV Bharat / bharat

৪৫-৬০ বছৰীয়া লোকৰ টীকাকৰণঃ দেশৰ ভিতৰতে শীৰ্ষত আছে ত্ৰিপুৰা - POSITIVITY RATE

সমগ্ৰ দেশতে অব্যাহত আছে ক'ভিড-১৯(COVID-19)ৰ টীকাকৰণ প্ৰক্ৰিয়া । ৪৫-৬০ বছৰ বয়সৰ লোকৰ টীকাকৰণৰ(VACCINATION) ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থানত আছে ত্ৰিপুৰা । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটযোগে প্ৰকাশ কৰিছে এই কথা ।

Tripura vaccination Drive
৪৫ বছৰৰ উৰ্ধ্বৰ লোকৰ টীকাকৰণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে ত্ৰিপুৰা

By

Published : Jun 1, 2021, 10:37 AM IST

নেশ্যনেল ডেস্ক, ১ জুন: পূৰ্বৰ তুলনাত দেশত হ্ৰাস পাইছে ক'ভিড-১৯ৰ আক্ৰান্তৰ হাৰ । সমান্তৰালকৈ দেশৰ ৰাজ্যই ৰাজ্যই অব্যাহত আছে টীকাকৰণ প্ৰক্ৰিয়া । ৪৫-৬০ বছৰ বয়সৰ লোকৰ টীকাকৰণৰ ক্ষেত্ৰত এতিয়ালৈকে আটাইতকৈ বেছি টীকাকৰণ(VACCINATION) হোৱা ৰাজ্যৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে ত্ৰিপুৰাই । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটযোগে প্ৰকাশ কৰিছে যে, ৰাজ্যখনৰ ৮৯ শতাংশ ৪৫ বছৰৰ উৰ্ধ্বৰ লোকে প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে ।

লগতে তেওঁ উল্লেখ কৰে যে, মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপৰ গ্ৰহণ কৰা পিছত ৰাজ্যখনত সংক্ৰমণৰ হাৰো যথেষ্ট হ্ৰাস পাইছে । কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যসেৱা কৰ্মীৰ ভূমিকাক লৈ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । চৰকাৰৰ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ।

ইয়াৰ পূৰ্বে, ত্ৰিপুৰা কেবিনেটৰ মুখপাত্ৰ তথা শিক্ষা মন্ত্ৰী ৰতনলাল নাথে এখন সংবাদমেল সম্বোধন কৰি জনাইছিল যে, ক'ভিডত আক্ৰান্তৰ হাৰ ৰাজ্যজুৰি হ্ৰাস পাইছে । তেওঁ প্ৰকাশ কৰা তথ্য মতে, ৰাজ্যখনত যোৱা ২৯ মে'ত আক্ৰান্তৰ হাৰ আছিল ৬.৩৯ শতাংশ । আনহাতে, ৩০ মে'ত আক্ৰান্ত হাৰ(POSITIVITY RATE) ২.৫১ শতাংশলৈ হ্ৰাস পায় । পশ্চিম ত্ৰিপুৰা জিলাত যোৱা ২৯ মে'ত আক্ৰান্তৰ হাৰ আছিল ১৬.৬৭ শতাংশ আৰু পিছত এই হাৰ হ্ৰাস হৈ ৩.১২ শতাংশ হয়গৈ ।

টীকাকৰণ(VACCINATION) সন্দৰ্ভত বিৱৰণ দাঙি ধৰি তেওঁ কয় যে, ৪৫ বছৰ উৰ্ধ্বৰ ৮৯ শতাংশ লোকক ইতিমধ্যে প্ৰতিষেধক প্ৰদান কৰা হৈছে আৰু ইয়াৰ ৰাষ্ট্ৰীয় হাৰ হৈছে ৩৫ শতাংশ । এই নিৰ্দিষ্ট বয়সৰ লোকৰ টীকাকৰণৰ ক্ষেত্ৰত ত্ৰিপুৰা দেশৰ ভিতৰতে শীৰ্ষ স্থানত আছে । তেওঁ লগতে কয় যে, ৰাজ্যখনত এতিয়ালৈকে প্ৰায় ১৬,০৬,৪৫৬টা পালি প্ৰদান কৰা হৈছে । ইয়াৰে ১০,৯৮,৮১৮ জনে প্ৰথম পালি লাভ কৰিছে আৰু ৫,০৭,৬৩৮ জনক দ্বিতীয় পালি প্ৰদান কৰা হৈছে ।

সোমবাৰলৈকে ৰাজ্যখনত ২,৭৩,৩৯০টা পালি মজুত আছে । আনহাতে জুন মাহত ১,৯২,৮৫০টাৰো অধিক পালি ৰাজ্যখনে লাভ কৰিব বুলি আশা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।


লগতে পঢ়ক:ৰাজ্যসমূহলৈ ৰেমডেচিভিৰৰ আৱন্টন বন্ধ কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details