অসম

assam

ETV Bharat / bharat

কলকাতা বন্দৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ ত্ৰিপুৰা বাণিজ্য সংস্থাৰ - Tripura trade body signs MOU

সদৌ ত্ৰিপুৰা বণিক সংস্থাই বৃহস্পতিবাৰে কলকাতা বন্দৰ ট্ৰাষ্টৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰিত কৰে । এই চুক্তিয়ে বাণজ্যিক ক্ষেত্ৰত হালধিয়া, চট্টগ্ৰাম বন্দৰৰ সৈতে ৰাজ্যখনৰ পৰা পৰিবহণ ব্যৱস্থাত অধিক সুচল কৰিব বুলি মন্তব্য কৰে সদৌ ত্ৰিপুৰা বণিক সংস্থাৰ সম্পাদক সুজিত ৰয়ে ।

কলকাতা বন্দৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ ত্ৰিপুৰা বাণিজ্য সংস্থাৰ
কলকাতা বন্দৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ ত্ৰিপুৰা বাণিজ্য সংস্থাৰ

By

Published : Feb 25, 2021, 8:19 PM IST

নেশ্যনেল ডেস্ক, ২৫ ফেব্ৰুৱাৰী: ত্ৰিপুৰাৰ বাণিজ্য খণ্ডৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন । বৃহস্পতিবাৰে কলকাতা বন্দৰ ট্ৰাষ্টৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিলে ত্ৰিপুৰাৰ আটাইতকৈ পুৰণি বাণিজ্য সস্থা 'সদৌ ত্ৰিপুৰা বণিক সংস্থা'ই । সদৌ ত্ৰিপুৰা বণিক সংস্থাৰ সম্পাদক সুজিত ৰয়ে কয় যে, সংস্থাটোৰ ৰূপালী জয়ন্তী বৰ্ষত ত্ৰিপুৰাৰ বণিকসকলৰ বাবে সুখবৰ আহিছে । কিয়নো, সদৌ ত্ৰিপুৰা বণিক সংস্থা আৰু কলকাতা বন্দৰ ট্ৰাষ্টে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে ।

এই চুক্তি অনুসৰি, বাংলাদেশ হৈ আগৰতলাৰ পৰা কলকাতালৈ সামগ্ৰী পঠিয়াবলৈ অথবা ত্ৰিপুৰালৈ সামগ্ৰী আনিবলৈ পূৰ্বতকৈ অধিক সহজ হ'ব । বুজাবুজি চুক্তিখনৰ মতে, দুয়োপক্ষই যৌথভাৱে বাণিজ্যিক আন্তঃগাঁথনি আৰু অন্যান্য বিষয় যেনে, কম মূল্য, পৰিবহন ব্যয় আদি চোৱা-চিতা কৰিবলৈ সন্মত হৈছে' । সদৌ ত্ৰিপুৰা বণিক সংস্থাৰ সম্পাদকগৰাকীয়ে জনোৱা মতে, বিগত বৰ্ষৰ ২৩ জুলাই মাহত কলকাতা-চট্টগ্রাম-আগৰতলা পথৰ মাজেৰে এক সফল পৰীক্ষণমূলক যাত্ৰা কৰা হৈছিল ।

এই পৰীক্ষণমূলক যাত্ৰাৰ অন্তত জানিব পৰা গৈছিল যে, বৰ্তমানৰ কাৰ্যকৰী পথৰ তুলনাত এই নতুন পথৰ যাত্ৰা কম কষ্টদায়ক আৰু ই ৰাজধানী চহৰ আগৰতলাক অসম হৈ কলকাতাৰ সৈতে সংযোগ কৰে । বৰ্তমান ত্ৰিপুৰালৈ সামগ্ৰী কঢ়িয়াই অনা বাহন অহা পথটোৰ দৈৰ্ঘ্য হৈছে ১৬,০০ কিঃমিঃ । যদি আগৰতলাই চট্টগ্রাম বন্দৰত স্থায়ী প্ৰৱেশৰ সুযোগ পায়, তেন্তে পথটোৰে যাত্ৰা ৪২০ কিলোমিটাৰলৈ হ্ৰাস পাব । যদি উদ্বোধনৰ বাবে সাজু হৈ থকা 'মৈত্ৰী সেঁতু' মুকলি কৰা হয়, তেন্তে, ত্ৰিপুৰা সীমান্তৰ ছাবৰুমৰ পৰা চট্টগ্রাম বন্দৰলৈ দূৰত্ব হ'ব মাত্ৰ ৭২ কিলোমিটাৰ ।

লগতে পঢ়ক:৫৩৪ বছৰ পূৰ্বে ঘিউৰে নিৰ্মাণ কৰা এটা মন্দিৰ......

ABOUT THE AUTHOR

...view details