আগৰতলা, ৩১ আগষ্ট :উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰাত আটাইতকৈ বেছি সংঘটিত হৈছে ৰাজনৈতিক অপৰাধমূলক ঘটনা (Tripura tops in political crimes)। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ'(NCRB)ৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে (National Crime Records Bureau reports)। ২৯ আগষ্টত প্ৰকাশ পাইছে NCRBৰ ২০২১ চনৰ অপৰাধ সম্পৰ্কীয় পৰিসংখ্যাৰ নতুন সংস্কৰণ । 'ক্ৰাইম ইন ইণ্ডিয়া' শীৰ্ষক এই বাৰ্ষিক প্ৰতিবেদন অনুসৰি ৰাজনৈতিক অপৰাধৰ ঘটনাৰ সংখ্যাৰ ফালৰ পৰা উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰা শীৰ্ষ স্থানত আছে ।
সমগ্ৰ দেশত ২০২১ চনত আইপিচিৰ বিভিন্ন ধাৰাৰ অধীনত ৰাজহুৱা শান্তিৰ বিৰুদ্ধে অপৰাধৰ মুঠ ৪,৫৭৭ টা গোচৰ পঞ্জীয়ন কৰা হৈছে । ইয়াৰ ভিতৰত আইন বহিৰ্ভূত সমাবেশৰ গোচৰ হৈছে ২,১৯১ টা । যি মুঠ গোচৰৰ ৪৭.৯ শতাংশ । আনহাতে ৰাজহুৱা শান্তি বিঘ্নিত কৰা ঘটনাৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা অপৰাধৰ গোচৰ ২০২০ চনৰ তুলনাত ২০২১ চনত ৩.২ শতাংশ বৃদ্ধি হৈছে ।
NCRBয়ে উল্লেখ কৰা মতে উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা আৰু মণিপুৰত এটাকৈ ৰাজহুৱা অশান্তি সম্পৰ্কীয় গোচৰ ৰুজু হৈছে । আনহাতে অসমত ১২৯২ টা গোচৰ ৰুজু হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহত এনে গোচৰৰ সংখ্যা শূন্য ।
প্ৰতিবেদন অনুসৰি সংঘৰ্ষৰ ঘটনা অৰুণাচল প্ৰদেশত ৬ টা সংঘটিত হৈছে । অসমত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা ৭৮০ টা, য'ত ১৪৯৮ গৰাকী ভুক্তভোগী, মেঘালয়, নাগালেণ্ডত এটাকৈ এনে ধৰণৰ গোচৰ ৰুজু হৈছে । মণিপুৰত ৰুজু হোৱা গোচৰৰ সংখ্যা ৬০ টা ।