আগৰতলা,২২ অক্টোবৰ :ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই (MeT predicts heavy rains in NE)। প্ৰেছ বিজ্ঞপ্তিযোগে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে ৰাজ্যখনত ২৪ আৰু ২৫ অক্টোবৰত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে ইয়াক লৈ আগৰতলা বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত সতৰ্কবাণীও জাৰী কৰিছে (Warning of heavy rains in Tripura)।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে উত্তৰ আন্দামান সাগৰ আৰু দক্ষিণ আন্দামান সাগৰৰ কাষৰীয়া অঞ্চল আৰু দক্ষিণ আন্দামান সাগৰ আৰু দক্ষিণ-পূব বংগোপ সাগৰৰ ওচৰৰ অঞ্চলত এটা নিম্ন চাপৰ এলেকা অৱস্থিত আৰু ইয়াৰ সৈতে সম্পৰ্কিত ঘূৰ্ণীবতাহৰ প্ৰচলন সাগৰ পৃষ্ঠৰ পৰা ৭.৬ কিলোমিটাৰ পৰ্যন্ত বিস্তাৰিত হৈছে । এই ঘূৰ্ণীবতাহ পশ্চিম আৰু উত্তৰ-পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা আছে আৰু ২২ অক্টোবৰৰ আশে পাশে দক্ষিণ-পূব বংগোপ সাগৰৰ কাষত থকা পূব-মধ্য আৰু ইয়াৰ কাষৰ অঞ্চলত প্ৰভাৱ পৰা সম্ভাৱনা আছে ।
২৩ অক্টোবৰত এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ অধিক তীব্ৰতৰ হ'ব পাৰেও বুলিও আশংকা কৰিছে বিভাগে । পৰৱৰ্তী সময়ত, ঘূৰ্ণীবতাহ উত্তৰ-পূব দিশৰ ফালে আগবাঢ়ি যোৱাৰ লগতে ২৪ অক্টোবৰৰ ভিতৰত পশ্চিম মধ্য আৰু ইয়াৰ কাষৰীয়া পূব-মধ্য বংগোপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহ প্ৰভাৱ পৰিব পাৰে । ক্ৰমান্বয়ে উত্তৰ-পূবৰ দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু ২৫ অক্টোবৰত পশ্চিম বংগ-বাংলাদেশ উপকূলত খুন্দা মাৰিব পাৰে । ইয়াৰ ফলত ২৪-২৫ অক্টোবৰত উত্তৰ-পূবৰ ৰাজ্যবোৰত প্ৰচুৰৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।