অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰা চৰকাৰে কৃষকৰ পৰা কিনিব 2 হাজাৰ মেট্ৰিক টন ধান - Tripura to purchase 2k MT paddy from farmers

ত্ৰিপুৰাৰ কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ চৰকাৰে কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত প্ৰায় 20,000 মেট্ৰিক টন ধান ক্ৰয় কৰিব (Tripura to purchase 2k MT paddy from farmers) ৷ ইয়াৰ বাবদ চৰকাৰখনে ব্যয় কৰিব প্ৰায় ৪৫ কোটি টকা ৷

Tripura to purchase 2k MT paddy from farmers
ত্ৰিপুৰাই চৰকাৰে কৃষকৰ পৰা ক্ৰয় কৰিব 2 হাজাৰ মেট্ৰিক টন ধান

By

Published : May 25, 2022, 2:59 PM IST

আগৰতলা, ২৫ মে’:ত্ৰিপুৰাত কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ চৰকাৰে ৰাজ্যখনৰ কৃষকৰ পৰা নিম্নতম সমৰ্থন মূল্যত প্ৰায় ২০,০০০ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে । ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে(Information and Cultural affairs minister Sushanta Chowdhury) প্ৰকাশ কৰে এই কথা ৷ ত্ৰিপুৰা ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়(Tripura cabinet meeting) ।

ত্ৰিপুৰা চৰকাৰে এই বছৰৰ খৰিফ ঋতুত(kharif season) কৃষকসকলৰ পৰা প্ৰতি কিলোগ্ৰামত নিম্নতম সমৰ্থন মূল্য ১৯.৪০ টকাত প্ৰায় ২০,০০০ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ বাবে ৰাজ্যজুৰি ৩২ টা অস্থায়ী ক্ৰয় কেন্দ্ৰত ধান ক্ৰয় কৰা হ'ব । ৰাজসাহায্যযুক্ত মূল্যত ধান ক্ৰয় কৰাৰ বাবদ ৰাজ্য চৰকাৰে প্ৰায় ৪৫ কোটি টকা ব্যয় কৰিব ।

ধান ক্ৰয় কৰা প্ৰক্ৰিয়া জুনৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । বিজেপি চৰকাৰে এতিয়ালৈকে কৃষকৰ পৰা প্ৰায় এক লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ বাবে মুঠ ১৯২.৫২ কোটি টকা ব্যয় কৰিছে বুলি তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Electric vehicle policy: ত্ৰিপুৰাত পৰৱৰ্তী পাঁচ বছৰৰ বাবে বৈদ্যুতিক বাহনৰ নীতি গ্ৰহণ

For All Latest Updates

ABOUT THE AUTHOR

...view details