অসম

assam

By

Published : Jul 15, 2022, 12:42 PM IST

ETV Bharat / bharat

New Anganwadi centres in Tripura: 240 টা নতুন অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ ঘোষণা ত্ৰিপুৰা চৰকাৰৰ

ত্ৰিপুৰা কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ত্ৰিপুৰা চৰকাৰে জনজাতীয় স্বায়ত্তশাসিত জিলা পৰিষদৰ অধীনত থকা গাঁও পঞ্চায়ত আৰু বিভিন্ন গাঁও অঞ্চলত শিক্ষাৰ বিকাশৰ বাবে 240 টা নতুন অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ ঘোষণা কৰে (240 new Anganwadi centres in Tripura)৷

Tripura  to open 240 new Anganwadi centres
ত্ৰিপুৰাত 240 টা নতুন অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ ঘোষণা চৰকাৰৰ

নেশ্যনেল ডেস্ক, 15 জুলাই :ত্ৰিপুৰাবাসীলৈ সুখবৰ ৷ ত্ৰিপুৰা চৰকাৰে জনজাতীয় স্বায়ত্তশাসিত জিলা পৰিষদৰ অধীনত থকা গাঁও পঞ্চায়ত আৰু বিভিন্ন গাঁও অঞ্চলত শিক্ষাৰ বিকাশৰ বাবে 240 টা নতুন অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰে ৷

ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে (Education minister Ratan Lal Nath) ই টি ভাৰতক জনায় যে, 12 জুলাইত অনুষ্ঠিত হোৱা ত্ৰিপুৰা কেবিনেটে (Tripura cabinet) ইতিমধ্যে এই ক্ষেত্ৰত অনুমোদন জনাইছে । ইফালে কেন্দ্ৰীয় চৰকাৰেও ত্ৰিপুৰাৰ বাবে 234 টা নতুন অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ বাবে অনুমোদন জনায় (240 new Anganwadi centres in Tripura)৷

সমাজ কল্যাণ আৰু সমাজ শিক্ষা বিভাগৰ অধীনত সমন্বিত শিশু বিকাশ আঁচনিৰ (আইচিডিএছ) অধীনত এই অংগনৱাড়ী কেন্দ্ৰসমূহ নিৰ্মাণ কৰা হ'ব ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় বৰ্তমান ত্ৰিপুৰাত 9,911 টা অংগনৱাড়ী কেন্দ্ৰ আছে আৰু 56 টা আইচিডিএছ (ICDS) কেন্দ্ৰ আছে ৷ ইয়াৰে পশ্চিম ত্ৰিপুৰা জিলাত 31 টা, দক্ষিণ ত্ৰিপুৰা জিলাত 31 টা, গোমতী জিলাত 37 টা, খোৱাই জিলাৰ 31 টা, ধলাই জিলাৰ 27 টা, চেপাহিজালা জিলাৰ 25 টা, উনাকোটি জিলাত 22 টা আৰু উত্তৰ ত্ৰিপুৰা জিলাত 14 টা কেন্দ্ৰ মুকলি কৰা হ'ব ৷

ইয়াৰোপৰি ৰাজ্যখনত বাস কৰা ব্ৰু শৰণাৰ্থীসকলৰ বাবে স্থায়ী বাসস্থানৰ লগতে লোকসকলক স্থানান্তৰ কৰা অঞ্চলত চৰকাৰে 22 টা অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ধলাই জিলাত 10 টা আৰু উত্তৰ ত্ৰিপুৰা জিলাত 10 টা ব্ৰু পুনৰ সংস্থাপন অঞ্চল আছে । এই অঞ্চলত 6,959 টা ব্ৰু শৰণাৰ্থী পৰিয়ালক স্থানান্তৰ কৰা হ'ব । 1300 টা পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ ইতিমধ্যে আৰম্ভ হৈছে । ইয়াৰে 460 টা পৰিয়ালৰ ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে ।

লগতে পঢ়ক :Congress Protest in Tripura: ২১ জুলাইত ত্ৰিপুৰাৰ তিনিখন জিলাত বন্ধৰ আহ্বান কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details