আগৰতলা, 14 মাৰ্চ : পৰ্যটন ক্ষেত্ৰক সদায়ে গুৰুত্ব দি আহিছে ত্ৰিপুৰা চৰকাৰে ৷ পৰ্যটকক আকৰ্ষণ কৰিবলৈ নতুন নতুন প্ৰচেষ্টা হাতত লৈছে ত্ৰিপুৰাৰ পৰ্যটন বিভাগে ৷ সোমবাৰে ৰাজ্যখনৰ পৰ্যটন বিভাগে (Tourism department of Tripura) ছ’চিয়েল মিডিয়া ফেচবুকত এই সন্দৰ্ভত এটা পোষ্ট আপলোড কৰিছিল ৷ য’ত সন্নিৱিষ্ট কৰা হৈছিল যে, ৰাজ্যখনৰ পৰ্যটন বিভাগে ইয়াৰ পৰ্যটন ক্ষেত্ৰসমূহৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে 50 খনতকৈও অধিক বৃহৎ আকৃতিৰ ছাইনব’ৰ্ড (Tripura to install 50 large signages) স্থাপন কৰাৰ সিদ্ধান্ত লৈছে ।
উল্লেখ্য যে, ত্ৰিপুৰাৰ পৰ্যটনথলীসমূহৰ ভিতৰত আছে আটাইতকৈ দীঘল পানীৰ প্ৰাসাদ, সপ্তম শতিকাৰ ভাৰতৰ ইতিহাস বিজড়িত উনাকোটি, ভাৰতৰ 51 খন শক্তিপীঠৰ অন্যতম- মাতাবাৰী, উত্তৰ-পূৱ ভাৰতৰ অধিকাংশ ৰাজকীয় প্ৰাসাদ, 100 তকৈও অধিক সৰু-বৰ দ্বীপ থকা ডাম্বুৰ হ্ৰদ, জাম্পুই পাহাৰ, উত্তৰ ভাৰতৰ আমাজন হিচাপে পৰিচিত চাবিমুৰা আদি ।