আগৰতলা,৮ জানুৱাৰী :দেশত আৰম্ভ হৈছে ক'ভিডৰ তৃতীয় ঢৌ । ইতিমধ্যে বহু ৰাজ্যত কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে । ত্ৰিপুৰাতো ক'ভিডত আক্ৰান্তৰ সংখ্যা হঠাৎ বৃদ্ধি হৈছে (Covid cases increased in Tripura)।
যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ১০৩ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । আনহাতে এগৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । ইয়াৰ লগে লগে ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ মৃত্যুৰ সংখ্যা ৬২৮ গৰাকীলৈ বৃদ্ধি হৈছে । ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে এতিয়া চিন্তিত হৈছে ৰাজ্য চৰকাৰ ।
ক'ভিড পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শনিবাৰে চৰকাৰৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনোৱা হৈছে (Tripura government's important meeting on Covid situation)। বিশেষ সূত্ৰৰ মতে ৰাজ্যখনৰ ক'ভিড পৰিস্থিতি পৰ্যালোচনাৰ বাবে মুখ্য সচিব কুমাৰ আলোকৰ নেতৃত্বত শীৰ্ষ পৰ্যায়ৰ বৈঠকখন অনুষ্ঠিত হ'ব । বৈঠকৰ পাছতে ক'ভিড সম্পৰ্কত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে ।