আগৰতলা, 20 জুন : ত্ৰিপুৰাৰ ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ সমিতিয়ে আধিয়াৰ কৃষকসকল(tenant farmers) (ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকল যাৰ খেতিৰ বাবে নিজা মাটি নাই ) ৰ বাবে অগ্ৰাধিকাৰৰ ভিত্তিত ঋণ বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সিদ্ধান্ত অনুসৰি, যোগ্য আৱেদনকাৰীসকলে কেন্দ্ৰীয় পুঁজিৰ আঁচনিৰ অধীনত তেওঁলোকৰ ঋণৰ পৰিমাণ অনুমোদিত কৰিবলৈ বছৰৰ প্ৰতি তিনিমাহত 250 টা গাঁও পঞ্চায়তত বিশেষ ঋণ বিতৰণ শিবিৰ আয়োজন কৰা হ'ব । ত্ৰিপুৰাৰ মুখ্য সচিব আলোক কুমাৰে তেওঁৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই তথ্য সদৰী কৰিছে ।
"এছএলবিচি(SLBC)-এ কেচিচি(KCC) ৰ সম্পূৰ্ণ সংপৃক্ততা নিশ্চিত কৰিবলৈ ত্ৰিপুৰাত প্ৰতি তিনি মাহত কমেও ২৫০ টা পঞ্চায়তত শিবিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে । বেংকাৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকল এনে শিবিৰত উপস্থিত থাকিব । আধিয়াৰসকলক কেচিচি প্ৰদান কৰিবলৈ বিশেষ অভিযান আৰম্ভ কৰা হ’ব", আলোক কুমাৰে তেওঁৰ টুইটত এনেদৰে উল্লেখ কৰিছে ।