অসম

assam

তেলীয়ামূৰা হ'ব ত্ৰিপুৰাৰ নতুন 'ৱাইল্ডলাইফ কেপিটেল'

'ৱাইল্ডলাইফ কেপিটেল' হিচাপে ঘোষণা কৰা হ'ব ত্ৰিপুৰাৰ তেলীয়ামূৰাক । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটযোগে প্ৰকাশ কৰিছে এই কথা ৷ ৰাজ্যখনৰ খোৱাই জিলাৰ অন্তৰ্গত তেলীয়ামূৰাক 'ৱাইল্ডলাইফ কেপিটেল' হিচাপে ঘোষণা কৰিবলৈ সাজু হৈছে ত্ৰিপুৰা চৰকাৰ ৷

By

Published : May 3, 2021, 2:24 PM IST

Published : May 3, 2021, 2:24 PM IST

Updated : May 3, 2021, 3:38 PM IST

Tripura to declare Teliamura as its wildlife capital
তেলীয়ামূৰাক বন্যপ্ৰাণী ৰাজধানী হিচাপে ঘোষণা কৰিব ত্ৰিপুৰা চৰকাৰে

নেশ্যনেল ডেস্ক, ৩ মে': পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰে পৰ্যটন ক্ষেত্ৰৰ লগতে ৰাজ্যখনৰ বনাঞ্চলত থকা উদ্ভিদ আৰু জীৱ-জন্তুৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ চলোৱাৰ চেষ্টা চলাই আহিছে । বিগত তিনি বছৰত ত্ৰিপুৰাত পৰ্যটকৰ আগমণ বৃদ্ধিয়ে এই কথা প্ৰমাণিত কৰিছে । সম্প্ৰতি পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰৰ উদ্দেশ্যে গ্ৰহণ কৰা পৰিকল্পনাৰ অংশ হিচাপে ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ খোৱাই জিলাৰ অন্তৰ্গত তেলীয়ামূৰাক 'ৱাইল্ডলাইফ কেপিটেল' হিচাপে ঘোষণা কৰিবলৈ সাজু হৈছে ।

'ৱাইল্ডলাইফ কেপিটেল' হিচাপে ঘোষণা কৰা হ'ব ত্ৰিপুৰাৰ তেলীয়ামূৰাক

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটযোগে এই বিষয়ে প্ৰকাশ কৰিছে । আনহাতে, ত্ৰিপুৰা বন বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, তেলীয়ামূৰা আৰু ইয়াৰ চাৰিওকাষৰ বনাঞ্চলত থকা বন্যপ্ৰাণী আৰু প্ৰাকৃতিক সৌন্দৰ্যই বিভাগটোক এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাইছিল । ত্ৰিপুৰাৰ পিচিচিএফ ডি কে শৰ্মাই কয় যে, যিসকল পৰ্যটকে অৰণ্যৰ নিৰ্জনতা ভাল পায় আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব বিচাৰে তেওঁলোকে নিশ্চিতভাৱে তেলীয়ামূৰা ভ্ৰমণ কৰি ভাল পাব ।

তেলীয়ামূৰা হ'ব ত্ৰিপুৰাৰ নতুন 'ৱাইল্ডলাইফ কেপিটেল'

ক'ভিড-১৯ ৰ বাবে নিৰ্ধাৰণ কৰা কেতবোৰ নিষেধাজ্ঞাৰ বাবে ই টিভি ভাৰতৰ সাংবাদিকক সাক্ষাৎ কৰাৰ পৰিৱৰ্তে বিশেষভাৱে ফোনযোগে বাৰ্তালাপ কৰি ত্ৰিপুৰাৰ পিচিচিএফ ডি কে শৰ্মাই কয় যে, ৰাজ্যখনৰ বাৰামূৰা আৰু আথাৰামূৰা পাহাৰৰ কেন্দ্ৰীয় পাহাৰীয়া পৰিসৰত অৱস্থিত তেলীয়ামূৰাই ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ বাহিৰৰ অঞ্চলটোৰ বিভিন্ন বন্যপ্ৰাণী আৰু বিভিন্ন প্ৰজাতিৰ উদ্ভিদ প্ৰদৰ্শন কৰাৰ এক সুযোগ প্ৰদান কৰিব ৷

তেলীয়ামূৰাক 'ৱাইল্ডলাইফ কেপিটেল' হিচাপে ঘোষণা কৰিবলৈ সাজু হৈছে ত্ৰিপুৰা চৰকাৰ

উল্লেখ্য যে, ত্ৰিপুৰা জৈৱ বৈচিত্ৰ ব'ৰ্ডৰ উদ্যোগত কল্যাণপুৰত শগুনৰ সংৰক্ষণৰ বাবে, বাৰামূৰা উদ্যানত হৰ্ণবিল সংৰক্ষণৰ বাবে আৰু খাচিয়ামংগলত বাদুলি ভিউ পইন্টৰ কাম আৰম্ভ হৈছে ৷ শগুণৰ সংৰক্ষণৰ লগতে পিছৰ পৰ্যায়ত সিঁহতক বনাঞ্চলত মুকলি কৰি দিয়াৰ বাবে এটা কেন্দ্ৰ গঢ়ি তোলাৰ কথা জানিবলৈ দি তেওঁ লগতে এইবুলিও কয় যে, ঘিলাটালীত বন্যহস্তীৰ উপস্থিতি আৰু তেলিয়ামূৰাত হাতীৰ বিচৰণ নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে ৷ মুংগিয়াকামিত স্থাপন কৰা হাতীৰ এণ্টি-ডিপ্ৰেডেচন শিবিৰ আকৰ্ষণৰ অন্য এক কেন্দ্ৰ বুলি মন্তব্য কৰি তেওঁ কয় যে, " মুংগিয়াকামিত গিবনৰ উপস্থিতি আৰু জিলাখনত থকা চশমা বান্দৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ বাৰামূৰা জলপ্ৰপাতে এই অঞ্চলটোৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে ৷ পশ্চিম ফালে তেলীয়ামূৰাক ৰাজ্যখনৰ ভিতৰতে সৰ্ববৃহৎ বন্যপ্ৰাণী অভয়াৰণ্য গুমতি বন্যপ্ৰাণী অভয়াৰণ্যই আগুৰি থকাৰ লগতে উত্তৰ ফালে মুংগিয়াকামিয়ে বন্যহস্তীৰ কৰিডৰ হিচাপে কাম কৰি আহিছে ৷

লগতে পঢ়ক:ত্ৰিপুৰাত 'অক্সিজেন উদ্যান' নিৰ্মাণ

Last Updated : May 3, 2021, 3:38 PM IST

ABOUT THE AUTHOR

...view details