নিউজ ডেস্ক, 25 জানুৱাৰী : প্ৰচণ্ড শীতকো নেওচি আদালতৰ নিৰ্দেশ মৰ্মে চাকৰি হেৰুওৱাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ত্ৰিপুৰাৰ সহস্ৰাধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ৷ ক্ৰমানুসাৰে 50 দিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷
ইফালে ত্ৰিপুৰাত চাকৰি হেৰুওৱা 10,323 গৰাকী প্ৰতিবাদী শিক্ষকৰ ভিতৰত মৃত্যু হোৱা শিক্ষক-শিক্ষয়ত্ৰীৰ সংখ্যা 84 গৰাকীলৈ বৃদ্ধি হৈছে ৷ সোমবাৰে অজিত সুত্ৰধৰ নামৰ আন এগৰাকী প্ৰতিবাদকাৰী শিক্ষকৰ মৃত্যু হয় ৷ জানিব পৰা মতে সোমবাৰে পুৱালৈকে সুস্থ হৈ থকা সুত্ৰধৰ হঠাৎ বাথৰূমত বাগৰি পৰে ৷ যাৰ পাছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিক্ষকগৰাকীক মৃত বুলি ঘোষণা কৰে ৷ হৃৎক্ৰিয়া বন্ধ হৈ সুত্ৰধৰৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসকে ৷
উল্লেখ্য যে, ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 2014 বৰ্যত ভ্ৰান্ত নিয়োগ প্ৰক্ৰিয়াৰে চাকৰি লাভ কৰাৰ বাবে ৰাজ্যখনৰ 10,323 গৰাকী শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল ৷ এই শিক্ষক নিয়োগ প্ৰক্ৰিয়া আৰম্ভ হৈছিল 2010 চনত ৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল তদানীন্তন বামপন্থী চৰকাৰে ৷ তাৰ পাছতে 2017 ৰায়ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক বাহাল ৰাখে শীৰ্ষ আদালতে ৷ এই 10,323 গৰাকী শিক্ষকৰ মাজৰ 8000 গৰাকী শিক্ষকক পুনৰ্নিয়োগ কৰা হ‘লেও বিগত 31 মাৰ্চত তেওঁলোকৰ চাকৰিৰ ম্যাদ উকলে ৷ তাৰ পাছতে বৰ্খাস্ত হোৱা শিক্ষক সকলৰ তিনিটা সংগঠনে একত্ৰিত ভাৱে যোৱা 7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ তেওঁলোকৰ দাবী এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক ৰাজ্য চৰকাৰে ৷
লগতে পঢ়ক: ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা শিক্ষকৰ মৃত্যুৰ সংখ্যা 81লৈ বৃদ্ধি