নেশ্যনেল ডেস্ক,10 জানুৱাৰী: ত্ৰিপুৰাত অব্যাহত থকা শিক্ষকৰ প্ৰতিবাদৰ মাজতে শনিবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ ৰুমী দেৱবৰ্মা নামৰ এগৰাকী শিক্ষয়ত্ৰীয়ে খোৱাইস্থিত নিজ বাসগৃহত এচিড পান কৰি আত্মহত্যা কৰে ৷ ত্ৰিপুৰাত নিজৰ চাকৰি উভটাই বিচাৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখা প্ৰায় 10,323 গৰাকী শিক্ষকৰ ভিতৰত এগৰাকী আছিল ৰুমী ৷ ৰুমীৰ লগতে তেখেতৰ 1 বছৰীয়া সন্তানটোকো সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ ৰুমী নিজৰ সন্তানকো বিষ পান কৰোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷
চাকৰিৰ পৰা অৱসৰ প্ৰদানৰ শীৰ্ষ দণ্ডাধীশৰ আদালতৰ ৰায়ৰ পিছতে ৰুমী মানসিক ভাৱে ভাঙি পৰা বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ৷ তেওঁৰ স্বামী দিনেশ দেৱবৰ্মাও এই প্ৰতিবাদকাৰী শিক্ষক সকলৰ এজন ৷ নখত্ৰবাৰী গাঁৱৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ কন্যা ৰুমীয়ে বিশ্ববিদ্যালয়তো শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ ৰুমীৰ ভগ্নীয়ে এই সন্দৰ্ভত কয়, সকলো ধৰণৰ শিক্ষাগত অৰ্হতা থকাৰ পিছতো তেওঁ নিজ চাকৰিটো ৰক্ষা কৰিব নোৱাৰাৰ বাবেই মানসিকভাৱে ভাঙি পৰিছিল ৷ তেওঁ এনে এটি সিদ্ধান্ত ল’ব বুলি আমি কল্পনাও কৰিব পৰা নাছিলো ৷ ৰুমীৰ সন্তান দুটিৰ এজনী কন্যা আৰু এটি ল’ৰা ৷ ইতিমধ্যে ৰুমীৰ পুত্ৰকো হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷