আগৰতলা,৭ মে' :ত্ৰিপুৰাত পূৰ্বতকৈ কমলাৰ উৎপাদন হ্ৰাস পাইছে (Orange production in Tripura has come down)। যাৰবাবে ত্ৰিপুৰা চৰকাৰে কমলা খেতি পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা হাতত লৈছে । জামপুই পাহাৰৰ কমলা খেতিক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে চৰকাৰৰ উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগে এক পদক্ষেপ গ্ৰহণ কৰিছে (Tripura govt takes step to revive orange cultivation)। ইয়াৰ অংশস্বৰূপে ২৭-২৮ এপ্ৰিলত মুম্বাইৰ নাগপুৰস্থিত চেণ্ট্ৰেল চাইট্ৰাছ ৰিচাৰ্চ ইনষ্টিটিউটৰ চাৰিজনীয়া প্ৰতিনিধিৰ এটা দলে জামপুই পাহাৰত কমলা খেতিয়কসকলৰ সৈতে কমলা বাগিচা পৰিদৰ্শন কৰে (4 representatives of CCRI visits Tripura)।
চাৰিজনীয়া প্ৰতিনিধিৰ দলটোত আছিল নাগপুৰস্থিত আইচিএআৰ চিচিআৰআইৰ সঞ্চালক ড০ দিলীপ ঘোষ, প্ৰধান বিজ্ঞানী (উদ্ভিদ ৰোগ বিজ্ঞান) ড০ এ কে দাস, প্ৰধান বিজ্ঞানী (উদ্যান শস্য) ড০ এ এ মুখাৰ্জী আৰু প্ৰধান বিজ্ঞানী (পতঙ্গ বিজ্ঞান) ড০ জি টি বেহেৰ । তেওঁলোকৰ ভ্ৰমণকালত, দলটোৰ দুজন প্ৰতিনিধিয়ে পৰামৰ্শ দিয়া মতে জামপুই পাহাৰত কমলা খেতি পুনৰুজ্জীৱিত কৰা সম্ভৱ । ইয়াৰ বাবে কমলা খেতিয়কসকল অধিক সচেতন, পৰিশ্ৰমী হ'ব লাগিব আৰু খেতিৰ বৈজ্ঞানিক উপায় অনুশীলন কৰিব লাগিব ।
এগৰাকী বিষয়াৰ মতে এই ক্ষেত্ৰত উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগে প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগিব যাতে উন্নতমানৰ কমলা গছৰ পুলি উৎপাদনৰ বাবে নাৰ্চাৰী স্থাপন কৰিব পৰা যায় । এই ক্ষেত্ৰত উত্তৰ ত্ৰিপুৰা জিলাৰ কৃষক জ্ঞান কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।