অসম

assam

ETV Bharat / bharat

আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ তত্বাৱধান আৰু বিকাশৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ ত্ৰিপুৰা চৰকাৰৰ - ত্ৰিপুৰাত পৰিবহন মন্ত্ৰী প্ৰাণজিৎ সিন্হা ৰয়

ত্ৰিপুৰা চৰকাৰে ত্ৰিপুৰাৰ চেপাহিজালা(Sepahijala) জিলাৰ সোনামুৰা(Sonamura) উপ-সংমণ্ডলৰ শ্ৰীমন্তপুৰৰ ওচৰৰ আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ তত্বাৱধান আৰু উন্নয়নৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (IWTI) আৰু ভূমি বন্দৰ প্ৰাধিকৰণৰ (LPAI) সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে(Tripura signs MoU for maintenance and development) ।

Tripura signs MoU for maintenance and development of Inland Waterways Terminal
আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ তত্বাৱধান আৰু বিকাশৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ ত্ৰিপুৰা চৰকাৰৰ

By

Published : Feb 23, 2022, 2:30 PM IST

আগৰতলা, 23 ফেব্ৰুৱাৰী :ত্ৰিপুৰাৰ চেপাহিজালা(Sepahijala) জিলাৰ সোনামুৰা(Sonamura) উপ-সংমণ্ডলৰ শ্ৰীমন্তপুৰৰ সমীপৰ আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ তত্বাৱধান আৰু উন্নয়নৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (আইডব্লিউটিআই) আৰু ভূমি বন্দৰ প্ৰাধিকৰণৰ (LPAI) সৈতে ত্ৰিপুৰা চৰকাৰে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে(Tripura signs MoU for maintenance and development) । এই বুজাবুজি চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ(Chief Minister Biplab Kumar Deb at Tripura) লগতে পৰিবহন মন্ত্ৰী প্ৰাণজিৎ সিন্হা ৰয়(Transport minister Pranajit Sinha Roy) ।

চুক্তিস্বাক্ষৰৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, "আইডব্লিউটিআই(IWTI), ত্ৰিপুৰা চৰকাৰ আৰু ভূমি বন্দৰ কৰ্তৃপক্ষই এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে । য'ত গোমতী নদীত ১০ খন জেটি নিৰ্মাণ কৰা হ'ব । এই উচ্চাভিলাষী প্ৰকল্পটোৰ বাবে ২৫ কোটি টকাৰ অনুমোদন দিয়া হৈছে যিয়ে যাত্ৰীবাহী জাহাজ, মালবাহী জাহাজ আৰু নদী পৰিভ্ৰমণৰ চলাচলত সহায় কৰিব য'ত পৰ্যটনৰ আগমনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে । ইয়াৰ উপৰিও ৰাজ্যখনত জলপথ সুবিধা প্ৰৱৰ্তনৰ সম্ভাব্যতা মূল্যায়ন ৰখাৰ বাবেও অন্যান্য নদীত হাইড্ৰ'লিক জৰীপ কৰা হ'ব", ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ই ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব ।

এই সন্দৰ্ভত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে সামাজিক মাধ্যমযোগে এক পোষ্ট শ্বেয়াৰ কৰি কেন্দ্ৰীয় বন্দৰ, বিমান আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধিত কৰি ৰাজ্যখনত পৰিবহনৰ সুবিধা তথা বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰাৰ লগতে এই ন বিকশিত পৰিবহণ পথসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে ত্ৰিপুৰাৰ স্থিতি অধিক শক্তিশালী কৰি তুলিব বুলি তেওঁ মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক :থলুৱা জনজাতিৰ বাবে ভাষা বিকাশ সমিতি গঠনৰ আহ্বান মহাৰাজা প্ৰদ্যুত কিশোৰৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details