নেশ্যনেল ডেস্ক, ২৬ মাৰ্চ: ত্ৰিপুৰা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা আঞ্চলিক সংগঠনৰ পৰা ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰা টিআইপিআৰএ ম'থাৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে বৃহস্পতিবাৰে দক্ষিণ ত্ৰিপুৰাৰ মনু বঞ্জুল অঞ্চলত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । মিত্ৰজোঁটৰ একতাৰ ওপৰত দৃঢ়বিশ্বাসী দেৱবৰ্মনে কয় যে, বিগত ৭০ বছৰৰ পিছত গঠিত হোৱা প্ৰথম আঞ্চলিক মিত্ৰজোঁটৰ একতা টকাৰ লালসাৰে ভংগ কৰিব নোৱাৰে ।
উল্লেখ্য যে, বিজয় নিশ্চিত কৰিবলৈ বিগত কিছু দিন ধৰি ত্ৰিপুৰাত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা টিআইপিআৰএ ম'থা এতিয়া ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত আন দলৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে । আনকি, নিৰ্বাচনৰ পূৰ্বে শাসকীয় দল আই এফ টিৰে মিত্ৰতা প্ৰায় চূড়ান্ত হোৱাৰ পিছতো এই সম্পৰ্কত ফাট মেলে । মুঠতে জিলা পৰিষদৰ নিৰ্বাচনত ক্ষমতা নিজৰ হাতলৈ আনিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈছে প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন টিআইপিআৰএ ম'থা ।
বৃহস্পতিবাৰে দক্ষিণ ত্ৰিপুৰাৰ মনু বঞ্জুল অঞ্চলত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে কয় যে, "আঞ্চলিক দলৰ মিত্ৰতা ভংগ কৰিবলৈ বহুতো চেষ্টা কৰা হৈছে । কিন্তু, বুবাগ্ৰা(মহাৰাজ)ক টকাৰ প্ৰয়োজন নাই, টকাৰে বুবাগ্ৰাক ক্ৰয় কৰিব নোৱাৰিব"। তেওঁ লগতে কয় যে, তেওঁৰ ৰাজনীতি মাত্ৰ এটা পদত সীমাবদ্ধ নহয় । তেওঁ কয় যে, "তেওঁ এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সভাপতি আছিল আৰু নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিছিল ।