নেশ্যনেল ডেস্ক, ১২ মে': মঙলবাৰে টিপ্ৰা মথা আৰু ৰাজ্যিক শাসকীয় বিজেপি দলৰ মাজত ৰাজনৈতিক সংঘৰ্ষৰ সৃষ্টি হয় । কল্যাণপুৰ উপ বিভাগৰ অন্তৰ্গত পশ্চিম কুঞ্জাবান ত্ৰিপুৰা জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিসদ (টিটিএএডিচি) গাঁৱতো উত্তেজনা বৃদ্ধি পায় । স্থানীয় ৰাইজে জনোৱা মতে, দুয়োটা দলৰ কৰ্মীয়ে সংঘৰ্ষত লিপ্ত হৈছিল আৰু পঞ্চায়তৰ কাৰ্যালয়ত কোনে দখল কৰিব তাক লৈ বাক-বিতণ্ডাৰ সৃষ্টি কৰিছিল । টিটিএএডিচি নিৰ্বাচন শেষ হোৱাৰে পৰা টিপ্ৰা মথাৰ সমৰ্থকসকলে সকলো চৰকাৰী কাৰ্যালয়ৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰাক লৈ সংঘৰ্ষত লিপ্ত হৈছিল । এই সংঘৰ্ষক ক্ষমতাকেন্দ্ৰিক সংঘৰ্ষ বুলিও কোনো কোনোৱে মত পোষণ কৰে ।
প্ৰত্যক্ষদৰ্শীৰ মতে, বিজেপি সমৰ্থকৰ এটা বৃহৎ গোটে মঙলবাৰে গাঁৱখনত চলি থকা প্ৰকল্পৰ কাৰ্য-কলাপসমূহ পৰিদৰ্শন কৰিবলৈ উক্ত গাঁৱলৈ গৈছিল । কিন্তু, স্থানীয় টিপ্ৰা মথাৰ সমৰ্থকসকলে বিজেপি সমৰ্থকসকল গাঁও সমিতিৰ কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হোৱাৰ পিছতে দুয়োটা দলৰ সমৰ্থকৰ মাজত তীব্ৰ তৰ্ক আৰম্ভ হয় । পৰৱৰ্তী সময়ত ই হিংসাত্মক ৰূপ লয় ।