নেশ্যনেল,৬ জুন:ত্ৰিপুৰা চিপিআই(এম)ৰ প্ৰভাৱশালী বিধায়ক ভানু লাল সাহা আৰু পূব ত্ৰিপুৰা সমষ্টিৰ প্ৰাক্তন সাংসদ জীতেন্দ্ৰ চৌধুৰীক আৰক্ষীৰ চমন জাৰি । তেওঁলোকে সামাজিক মাধ্যমত দিয়া বিতৰ্কিত আৰু প্ৰৰোচিত পোষ্টৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰৰ সন্দৰ্ভত প্ৰাথমিক সোধপোছৰ বাবে পৃথক আৰক্ষী থানালৈ তলব কৰা হৈছিল দুয়োগৰাকী নেতাক । দুয়োগৰাকী নেতাই তেওঁলোকৰ বিৰুদ্ধে আৰম্ভ কৰা আৰক্ষীৰ তদন্তত সহযোগিতা কৰা বুলি জানিব পৰা গৈছে । শাসকীয় দল বিজেপিৰ বিৰুদ্ধে দুয়োগৰাকী নেতাই বিতৰ্কিত মন্তব্য কৰিছিল ।
ইফালে থানালৈ আহি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰাক্তন সাংসদ জীতেন্দ্ৰ চৌধুৰী । অমতালী আৰক্ষী থানাৰ সন্মুখত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে, এফআইআৰ(FIR) আৰু অভিযোগৰ গোটেই খণ্ডটো বিজেপিৰ ৰাজনৈতিক প্ৰতি হিংসাৰ এটা অংশ । তেওঁৰ অভিযোগ, ত্ৰিপুৰাত সকলোৰে জীৱনৰ প্ৰতি ভাবুকি আহিছে । চিকিৎসক, নাৰ্চ, সাংবাদিক আদিও সম্প্ৰতি সুৰক্ষিত নহয় । সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোক দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে । ৰাজ্যখনত গণতান্ত্ৰিক মূল্যবোধৰ অস্তিত্ব সংকটত । সেয়ে তেওঁ ৰাইজক দুস্কৃতিকাৰীসকলক ঘৰত প্ৰৱেশ কৰি সম্পত্তি ধ্বংস কৰাত বাধা দিবলৈহে আহ্বান জনাইছিল । ইয়াত তেওঁৰ কোনো অপৰাধ নাছিল বুলি দাবী কৰে চিপিআই(এম) নেতাগৰাকীয়ে ৷
আনহাতে চিপিআই(এম)ৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভানু লাল সাহাই তেওঁৰ পোষ্টৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, নতুন চৰকাৰ গঠন হোৱাৰ পাচৰে পৰা বিৰোধী দলৰ কৰ্মীসকলৰ ওপৰত হোৱা অবিৰাম আক্ৰমণত জড়িত থকাৰ প্ৰমাণ দিছে বিজেপিয়ে ৷ ৰাজ্যখনত তিনিটা শাসকীয় দল আছে বিজেপি,আইপিএফটি আৰু টিপ্ৰা মোথা । নেতাগৰাকীয়ে কোৱা মতে তেওঁ পোষ্টটোত কোনো ৰাজনৈতিক দলৰ নাম লোৱা নাছিল । কিন্তু পোষ্টটোৰ প্ৰতিক্ৰিয়া কেৱল বিজেপিৰ পৰাহে আহিছিল । সেয়ে তেওঁ নিশ্চিত যে ৰাজ্যজুৰি চলি থকা আক্ৰমণ আৰু ভাবুকিৰ ঘটনাত বিজেপি জড়িত আছিল ।