অসম

assam

By

Published : Feb 21, 2022, 5:19 PM IST

Updated : Feb 21, 2022, 5:28 PM IST

ETV Bharat / bharat

আমতালীৰ বাইপাছ পথত ফেনচিডাইলৰ বটল জব্দ

দেওবাৰে ত্ৰিপুৰাৰ আমতালীৰ মহকুমা আৰক্ষী বিষয়া আশীষ দাসগুপ্তাৰ নেতৃত্বত চলা এক অভিযানত এটি দলে আমতালীৰ বাইপাছ পথৰ পৰা বৃহৎ পৰিমাণৰ ফেনচিডাইল কফ চিৰাপৰ বটল জব্দ কৰে (Tripura Police seized phensidyle worth over Rs 10 lakh ) ৷

tripura-police-seized-phensidyle-worth-over-rs-10-lakh
আমতালীৰ বাইপাছ পথত ফেনচিডাইলৰ বটল জব্দ

আগৰতলা, 21 ফেব্ৰুৱাৰী : ত্ৰিপুৰাত অব্যাহত আছে অবৈধ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান (Mission against illegal intoxicating Substance ) ৷ দেওবাৰে আগৰতলাৰ সমীপৰ আমতালীৰ বাইপাছ পথৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ফেনচিডাইল ফেনচিডাইল কফ চিৰাপ ৷ আমতালীৰ মহকুমা আৰক্ষী বিষয়া আশীষ দাসগুপ্তাৰ নেতৃত্বত দেওবাৰে পুৱাৰ ভাগত নাকা পইণ্টত নিয়মীয়া বাহন পৰীক্ষাৰ সময়ত আগৰতলাৰ বাইপাছ পথত এখন জীপৰ পৰা প্ৰায় 4000 টা ফেনচিডাইলৰ বটল উদ্ধাৰ কৰে (Tripura Police seized Phensidyle from bypass road in Amtali ) ৷

মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা অনুসৰি, দেওবাৰে পুৱাৰ ভাগত নাকা পইণ্টত নিয়মীয়া বাহন পৰীক্ষাৰ সময়ত কৰ্তব্যৰত আৰক্ষী বিষয়াসকলে এখন জীপ দেখা পাই জীপখনক ৰ'বলৈ ইংগিত দিছিল ৷ পিছে আৰক্ষীৰ ইংগিত নামানি চালকজনে ইউ-টাৰ্ণ লৈ ঘটনাস্থলীৰ পৰা পলাই যাবলৈ চেষ্টা কৰে ৷

তেনে সময়তে, আৰক্ষীয়ে জীপখনত অভিযান চলাই ফেনচিডাইলৰ প্ৰায় 40 টা কাৰ্টুন জব্দ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ৷

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Chief Minister of Tripura Biplab Kumar Deb) এক ফেচবুক পোষ্টযোগে কৈছিল " আমি ত্ৰিপুৰাক এখন ড্ৰাগছ মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ #DrugsFreeTripuraৰ জৰিয়তে নিজৰ কৰ্তব্য অব্যাহত ৰাখিছো " ৷ মুখ্যমন্ত্ৰী গৰাকীৰ এই পোষ্টটোৰ পিছতে অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰু অধিক সষ্টম হৈ উঠা দেখা গৈছে ত্ৰিপুৰা আৰক্ষীক ৷

লগতে পঢ়ক :চাবুৱা আছুত আভ্যন্তৰীণ সংঘাত

Last Updated : Feb 21, 2022, 5:28 PM IST

ABOUT THE AUTHOR

...view details