আগৰতলা, ৮ অক্টোবৰ :ত্ৰিপুৰা আৰক্ষীয়ে শনিবাৰে খোৱাই জিলাৰ অন্তৰ্গত পাহাৰমুৰা অঞ্চলৰ পৰা লাখ টকা মূল্যৰ গাঞ্জা জব্দ কৰে (Tripura Police seized Ganza) । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত খোৱাইৰ মহকুমা আৰক্ষী বিষয়া ৰাজীৱ সূত্ৰধৰে কয় যে খোৱাই আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত ৰাস্তাত বাহনসমূহত তালাচী চলাই আছিল ।
"পাহাৰমুৰা নাকা পইণ্টত (Naka Point) এটা গোপন সূত্ৰৰ ভিত্তিত আমি এখন মালভৰ্তি অটো ট্ৰাক আটক কৰিছোঁ (Tripura Police detained auto truck smuggling ganza) । বাহনখন পৰীক্ষা কৰাৰ সময়ত আমি প্ৰায় ৭০ কিলোগ্ৰাম গাঞ্জা লাভ কৰোঁ । এটা গোপন চেম্বাৰৰ ভিতৰত উক্ত গাঞ্জাখিনি ৰখা হৈছিল । আমি অটো ট্ৰাকখন আটক কৰাৰ সময়তে বাহনখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে" আৰক্ষীয়ে কয় ।