অসম

assam

ETV Bharat / bharat

অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ তদন্তৰ বাবে এছআইটি গঠন ত্ৰিপুৰা আৰক্ষীৰ - এছআইটি গঠন ত্ৰিপুৰা আৰক্ষীৰ

দেশ বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত সংগঠিত নেটৱৰ্ক চিনাক্ত কৰিবলৈ বিশেষ তদন্তকাৰী দল(Special Investigation Team) গঠন ত্ৰিপুৰা আৰক্ষীৰ ৷ ত্ৰিপুৰা আৰক্ষী অপৰাধ শাখাত গঠন কৰা এই বিশেষ তদন্তকাৰী দললৈ গুৰুত্বপূৰ্ণ গোচৰসমূহ স্থানান্তৰ কৰা হ'ব ৷

tripura-police-forms-sit-to-probe-illegal-bangladeshi-immigration
অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ তদন্তৰ বাবে এছআইটি গঠন ত্ৰিপুৰা আৰক্ষীৰ

By

Published : Sep 9, 2022, 2:27 PM IST

নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ : ত্ৰিপুৰা আৰক্ষীয়ে দেশ বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত সংগঠিত নেটৱৰ্ক চিনাক্ত কৰিবলৈ এটা বিশেষ তদন্তকাৰী দল(Special Investigation Team) গঠন কৰিছে । আগৰতলা চহৰত ২০ জনতকৈও অধিক অবৈধ বাংলাদেশী নাগৰিক আটক কৰাৰ পাছত ত্ৰিপুৰা আৰক্ষীয়ে এটা বিশেষ তদন্তকাৰী দল গঠনৰ সিদ্ধান্ত লয় । ইয়াৰ পাছতেই শুকুৰবাৰে ত্ৰিপুৰা আৰক্ষীয়ে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা ব্যক্ত কৰে ৷

ত্ৰিপুৰা আৰক্ষীয়ে এই বিজ্ঞপ্তিত উল্লেখ কৰে যে, ত্ৰিপুৰাত বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰব্ৰজন সম্পৰ্কীয় বিষয়বোৰ আগৰতলাৰ আৰক্ষী মুখ্য কাৰ্যালয়ত জ্যেষ্ঠ পৰ্যায়ত পৰ্যালোচনা কৰা হৈছিল । এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছে যে, ত্ৰিপুৰাত কাম কৰা অন্যান্য নিৰাপত্তা সংস্থা আৰু কেন্দ্ৰীয় পৰ্যায়ত এনে দেশ বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত সংগঠিত নেটৱৰ্ক চিনাক্ত কৰাৰ বাবে কেন্দ্ৰীভূত, দৃঢ় আৰু সময়ে সময়ে তদন্ত অব্যাহত ৰখাৰ বাবে এই দল গঠন কৰা হ’ব ৷

বিজ্ঞপ্তিত লগতে উল্লেখ কৰা হয় যে, ত্ৰিপুৰা আৰক্ষী অপৰাধ শাখাত গঠন কৰা এই বিশেষ তদন্তকাৰী দললৈ গুৰুত্বপূৰ্ণ গোচৰসমূহ স্থানান্তৰ কৰা হ'ব ৷ উল্লেখ্য যে, ত্ৰিপুৰাত শেহতীয়াকৈ বহুসংখ্যক অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ এই সন্দৰ্ভত ত্ৰিপুৰাৰ বিভিন্ন আৰক্ষী থানাত গোচৰো ৰুজু কৰা হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা আৰক্ষী অপৰাধ শাখাৰ এই বিশেষ তদন্তকাৰী দললৈ তদন্তৰ বাবে মুঠ 6 টা গুৰুত্বপূৰ্ণ গোচৰ স্থানান্তৰো কৰা হৈছে ৷

লগতে পঢ়ক:ধ্বংসাৱশেষৰ মাজত আৱদ্ধ শ্ৰমিকৰ লগত শিশু

ABOUT THE AUTHOR

...view details