নিউজ ডেস্ক, ২৬ জুলাই : ত্ৰিপুৰা আৰক্ষীৰ ব্যৰ্থতা । তিনি দিন ধৰি এগৰাকী অপহৃতা নাবালিকাক উদ্ধাৰত ব্যৰ্থ ত্ৰিপুৰা আৰক্ষী (Tripura police fail to rescue kidnapped minor girl) । ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ সোনামুৰা উপ-সংমণ্ডলৰ কালাপানী গাঁৱৰ পৰা যোৱা দেওবাৰে অপহৃত হৈছিল নাবালিকাগৰাকী (Minor girl kidnapped in Tripura) ।
সূত্ৰ অনুসৰি, দুৰ্বৃত্তই দেওবাৰে পুৱা সোনামুৰা আৰক্ষী থানাৰ অন্তৰ্গত কালাপানী গাঁও পঞ্চায়তৰ মনিৰ হুছেইনৰ নাবালিকা কন্যাগৰাকীক অপহৰণ কৰে । অভিযোগ অনুসৰি, অপহৰণৰ ঘটনাটো পূৰ্বপৰিকল্পিত আছিল । দুৰ্বৃত্তই পুৱা প্ৰায় ৬.৩০ বজাত তেওঁৰ ব্যক্তিগত শিক্ষকৰ ঘৰলৈ যাওঁতে কালাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত বোলাৰ্ডেফা চৌমুহানীৰ পৰা অপহৰণ কৰে ।
এই সন্দৰ্ভত পৰিয়ালৰ সদস্যসকলৰ অভিযোগ যে ছোৱালীজনীক এখন দোকানৰ পৰা জোৰপূৰ্বক টানি লৈ যোৱা হৈছিল । তেওঁ নিজকে বচাবলৈ চেষ্টা কৰে যদিও দুৰ্বৃত্তই তেওঁক বলপূৰ্বক এখন গাড়ীত উঠাই অপহৰণ কৰি লৈ যায় । তেওঁলোকৰ লগতে অভিযোগ কৰে যে যোৱা তিনি মাহ ধৰি আতিকুল ইছলাম নামৰ পঞ্চায়ত সদস্য এজনে তেওঁৰ পুত্ৰ চোহাগ মিঞাক বিয়া কৰাবৰ বাবে ছোৱালীজনীৰ ঘৰত কেইবাটাও প্ৰস্তাৱ দিছিল । কিন্তু ছোৱালীজনী নাবালিকা হোৱাৰ বাবে ছোৱালীজনীৰ পৰিয়ালৰ সদস্যসকলে উক্ত বিবাহৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল (Minor girl kidnapped for refusing marriage proposal) ।