অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত নিষিদ্ধ কফ চিৰাপসহ এজন সৰবৰাহকাৰী আটক - ত্ৰিপুৰাত ফেনচেডিল জব্দ

পশ্চিম ত্ৰিপুৰা জিলাৰ মোহনপুৰ মহকুমাৰ অন্তৰ্গত বামুটিয়াত শনিবাৰে বিয়লি ভাগত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ উদ্ধাৰ আৰক্ষীৰ ৷ এক গোপন সূত্ৰৰ পম খেদি এজন সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷

Tripura police busts adulteration unit of banned cough syrup
নিষিদ্ধ কফ চিৰাপসহ এজন সৰবৰাহকাৰী আটক

By

Published : May 10, 2021, 8:32 AM IST

আগৰতলা, 10 মে’ : শনিবাৰে বিয়লি ভাগত এক গোপন সূত্ৰৰ পম খেদি পশ্চিম ত্ৰিপুৰা জিলাৰ মোহনপুৰ মহকুমাৰ অন্তৰ্গত বামুটিয়াত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ উদ্ধাৰ কৰে ত্ৰিপুৰা আৰক্ষীয়ে ৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ ফেনচেডিল জব্দ কৰা হয়, যাৰ বাংলাদেশত এক বৃহৎ বজাৰ আছে ৷

নিষিদ্ধ কফ চিৰাপসহ এজন সৰবৰাহকাৰী আটক

ঘটনা সন্দৰ্ভত এজন সৰবৰাহকাৰীক আটক কৰা হয় আৰু সোমবাৰে আদালতত হাজিৰ কৰোৱা হ’ব সৰবৰাহকাৰীজনক ৷ সমগ্ৰ ঘটনাটো ব্যাখ্যা কৰি উপ আৰক্ষী অধীক্ষক কমল বিশ্ব মজুমদাৰে কয় যে, এই কফ চিৰাপৰ বাংলাদেশত এক বৃহৎ বজাৰ আছে । ভাৰতীয় পক্ষৰ চোৰাং ব্যৱসায়ীসকলে ভাৰতীয় মুদ্ৰা 500 টকাত এটা বটল বিক্ৰী কৰে ।

নিষিদ্ধ কফ চিৰাপসহ এজন সৰবৰাহকাৰী আটক

লগতে তেওঁ কয় যে, এটা বটলৰ সৰ্বাধিক খুচুৰা মূল্য হৈছে 170ৰ পৰা 180 টকা । এই ব্যৱসায়ৰ লগত অধিক লোক জড়িত হৈ আছে ৷ আটকাধীন সৰবৰাহকাৰীজনে অন্য নামবোৰ স্বীকাৰ কৰাৰ পাচত পুনৰ অভিযান আৰম্ভ কৰিব বুলি উপ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰে ৷

উল্লেখ্য যে, অভিযানৰ সময়ত ঘটনাস্থলীৰ পৰা 560 টা কফ চিৰাপ ভৰ্তি বটল, বৃহৎ সংখ্যক খালী বটল আৰু কিছু সামগ্ৰী জোখা সঁজুলি জব্দ কৰা হয় ।

লগতে পঢ়ক :ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী জব্দ সুৰক্ষা বাহিনীৰ

ABOUT THE AUTHOR

...view details