নেশ্যনেল ডেস্ক,১ এপ্ৰিল:আনৱাৰা চৌধুৰী নামৰ এগৰাকী মহিলাৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ উত্তেজনা অব্যাহত আছে ত্ৰিপুৰাত । প্ৰকৃত দোষীক শাস্তিৰ দাবীত ইতিমধ্যে আগৰতলাকে ধৰি বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত আছে । ইয়াৰ মাজতে ঘটনাৰ অভিযুক্ত আনৱাৰাৰ খুড়াক নুৰ মহম্মদক আৰক্ষীয়ে মুক্তি দিয়ে । কিয়নো দীৰ্ঘদিন ধৰি তদন্ত চলাৰ পিছত মূল অভিযুক্ত খুড়াকৰ বিৰুদ্ধে কোনো তথ্য সংগ্ৰহ কৰিব নোৱাৰাত আৰক্ষীয়ে ৰেহাই দিয়ে ।
কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে সমগ্ৰ ঘটনা । ইতিমধ্যে অপৰাধ শাখাই এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি প্ৰাথমিক পৰ্যায়ৰ পৰা তদন্ত অব্যাহত ৰাখিছে । তদন্তৰ মাজতে পোহৰলৈ আহিছে যে আনৱাৰাৰ মৃত্যুৰ পিছত পিতৃ-মাতৃ, দেউতাক আৰু মাহীমাকে ঘটনাৰ প্ৰমাণ সাল-সলনি কৰাৰ অভিযোগ উঠিছে । ইফালে দুয়োগৰাকীৰে বিৰুদ্ধে আৰক্ষীয়ে এক নতুন অভিযোগ পত্ৰ আদালতত দাখিল কৰিছে । আনহাতে আনৱাৰাৰ পিতৃয়েও মিছা অভিযোগ কৰা বুলি ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে । কিন্তু আদালতে সকলো পৰ্যবেক্ষণৰ অন্তত অপৰাধ শাখাৰ অনুসন্ধান সঠিক বুলি ৰায়দান প্ৰদান কৰে । আদালতে আনৱাৰাৰ দেউতাকৰ আবেদন খাৰিজ কৰে ।