ত্ৰিপুৰা , 16 এপ্ৰিল :শুকুৰবাৰে ত্ৰিপুৰাত দুজন এনএলএফটি উগ্ৰপন্থীয়ে ধৰ্মনগৰস্থীত আৰক্ষী অধীক্ষকৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ লৈ আত্মসমৰ্পণ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, আত্মসমৰ্পণকাৰী উগ্ৰপন্থী দুজন হৈছে কিশোৰ জামাতিয়া ওৰফে উষা পুত্ৰ আনজন হৈছে যোচেপ জামাতিয়া বুলি চিনাক্ত কৰা হৈছে । কিশোৰ জামাতিয়া এনএলএফটি (বিশ্ব মোহন) গোটৰ এজন সক্ৰিয় সদস্য (লেফটেনেণ্ট) আছিল ।
তেওঁ ২০০১ চনত এনএলএফটি নামৰ সংগঠনত যোগদান কৰিছিল আৰু বাংলাদেশৰ চিটাগং পাহাৰীয়া অঞ্চলৰ হংকং শিবিৰত প্ৰশিক্ষণ লৈছিল । সংগঠনটোত কাম কৰি থকাৰ সময়ত ত্ৰিপুৰাত চিআৰপিএফৰ ওপৰত হোৱা এক আক্ৰমণত সক্ৰিয়ভাৱে জড়িত আছিল, য'ত ১৭ জন চিআৰপিএফৰ জোৱান শ্বহীদ হৈছিল ৷ চাংলাং-ত চিআৰপিএফৰ বাহনত আক্ৰমণ, কমলপুৰৰ অপহৰণৰ দৰে অপৰাধমূলক কাণ্ডত জড়িত আছিল বুলি ত্ৰিপুৰা আৰক্ষীয়ে প্ৰকাশ কৰে ৷