অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাৰ ছেপাহিজালা পঞ্চায়ত পুথিভঁৰাললৈ গ্ৰন্থ প্ৰেৰণ কৰিব বীৰ চন্দ্ৰ পুথিভঁৰাল কৰ্তৃপক্ষই - ১৬৯টা পুথিভঁৰাল

ত্ৰিপুৰাৰ ছেপাহিজালা জিলাৰ ১৬৯টা পুথিভঁৰালক গ্ৰন্থৰ যোগান ধৰিব বীৰ চন্দ্ৰ কেন্দ্ৰীয় পুথিভঁৰাল কৰ্তৃপক্ষই । গ্ৰন্থ যোগানৰ ক্ষেত্ৰত জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ তৰফৰ পৰাও সহযোগিতা আগবঢ়োৱা হ'ব ।

ত্ৰিপুৰাৰ ছেপাহিজালা পঞ্চায়ত পুথিভঁৰাললৈ গ্ৰন্থ প্ৰেৰণ কৰিব বীৰ চন্দ্ৰ পুথিভঁৰাল কৰ্তৃপক্ষই
ত্ৰিপুৰাৰ ছেপাহিজালা পঞ্চায়ত পুথিভঁৰাললৈ গ্ৰন্থ প্ৰেৰণ কৰিব বীৰ চন্দ্ৰ পুথিভঁৰাল কৰ্তৃপক্ষই

By

Published : Feb 4, 2021, 8:40 PM IST

নেশ্যনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী: ত্ৰিপুৰাৰ ছেপাহিজালা জিলাৰ পঞ্চায়ত কাৰ্যালয়ৰ অব্যৱহৃত কোঠাসমূহ পুথিভঁৰাল হিচাপে গঢ়ি তোলা হৈছে । বৃহস্পতিবাৰে এক প্ৰশিক্ষণ কাৰ্যসূচীত ত্ৰিপুৰাৰ উচ্চ শিক্ষাৰ সঞ্চালক ছাজু ৱাহিদে কয় যে, ছেপাহিজালা জিলাৰ ১৬৯টা নতুন পুথিভঁৰালক গ্ৰন্থ যোগানৰ ক্ষেত্ৰত তেওঁ সহায় কৰিব ।

ত্ৰিপুৰাৰ ছেপাহিজালা পঞ্চায়ত পুথিভঁৰাললৈ গ্ৰন্থ প্ৰেৰণ কৰিব বীৰ চন্দ্ৰ পুথিভঁৰাল কৰ্তৃপক্ষই

বীৰ চন্দ্ৰ কেন্দ্ৰীয় পুথিভঁৰাল কৰ্তৃপক্ষই দণ্ডাধীশৰ কাৰ্যালয়ৰ সহযোগত পুথিভঁৰালবোৰক গ্ৰন্থৰ যোগান ধৰিব । অনাগত দিনত পুথিভঁৰাললৈ আহি যাতে পাঠক নিৰাশ হ'বলগীয়া নহয় আৰু পুথিভঁৰাললৈ যাতে অধিক সংখ্যক পাঠকৰ আগমণ ঘটে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে শিক্ষা বিষয়াগৰাকীয়ে ।

তেওঁ লগতে কয় যে, এতিয়া পুথিভঁৰালৰ অৰ্থ সলনি হৈছে আৰু মানুহে আঙুলি মূৰতে সকলো উপলব্ধ হোৱাতো বিচাৰে । ছাজু ৱাহিদে কয় যে, পুথিভঁৰাল নিৰ্মাণৰ বাবে পুঁজিৰ অভাৱ নাই । কিন্তু সকলোৰে বাবে পুথিভঁৰাললৈ আহি কিতাপ পঢ়াৰ সুবিধা উপলব্ধ কৰোৱাতোহে জটিল ।

সেয়েহে এতিয়া অনলাইযোগে পুথিভঁৰালৰ গ্ৰন্থ পঢ়াৰো ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে শিক্ষা বিষয়াগৰাকীয়ে । উচ্চ শিক্ষা বিভাগে বীৰ চন্দ্ৰ কেন্দ্ৰীয় পুথিভঁৰালত ই-গ্ৰন্থালয় ব্যৱস্থা স্থাপনৰ নিৰ্দেশ দিছে ।

বৃহস্পতিবাৰে এই অনুষ্ঠানত উপস্থিত থাকি ত্ৰিপুৰাৰ উচ্চ শিক্ষা পৰিষদৰ চেয়াৰমেন অৰুণোদয় ছাহা আৰু বীৰ চন্দ্ৰ কেন্দ্ৰীয় পুথিভঁৰালৰ কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক:কলগাছিয়াত পৰিবহণ বিষয়া আৰু ৰাইজৰ মাজত মতানৈক্য

ABOUT THE AUTHOR

...view details