অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰা গণ প্ৰহাৰ কাণ্ড: মোবাইল ফোনৰ অৱস্থান পৰীক্ষা আৰক্ষীৰ

ত্ৰিপুৰাৰ গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত তদন্ত অব্যাহত আছে । দোষীক কাৰায়ত্ত কৰাৰ বাবে এইবাৰ মোবাইল ফোনৰ অৱস্থান পৰীক্ষা কৰিছে আৰক্ষীয়ে । টেলিকম কোম্পানীবোৰৰ পৰা এই সন্দৰ্ভত তথ্য বিচাৰিছে আৰক্ষীয়ে ।

Tripura mob lynching case
গণ প্ৰহাৰৰ ঘটনা সন্দৰ্ভত ত্ৰিপুৰা আৰক্ষীৰ তদন্ত অব্যাহত

By

Published : Jun 23, 2021, 10:47 AM IST

আগৰতলা, ২৩ জুন: ত্ৰিপুৰাৰ খোৱাই জিলাৰ উত্তৰ মহাৰাণীপুৰত সংঘটিত গণহত্যাৰ ঘটনাৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে । উত্তৰ মহাৰাণীপুৰত গৰু চোৰ বুলি সন্দেহ কৰি একাংশ উদণ্ড লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল তিনি জনকৈ যুৱকক । মৃত যুৱককেইজনৰ ঘৰ চেপাহিজালা জিলাত ।

তেলিয়ামূৰাৰ মহকুমা আৰক্ষী অধীক্ষক সোণা চৰণ জামাতিয়াই জনোৱা মতে, বৰ্তমান আৰক্ষীয়ে মোবাইল ফোনৰ অৱস্থান পৰীক্ষা কৰি আছে । টেলিকম কোম্পানীবোৰৰ পৰা এই সন্দৰ্ভত তথ্যও বিচাৰিছে আৰক্ষীয়ে । কিন্তু এই ঘটনা সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে ভাষ্য প্ৰদান কৰাৰ পৰা বিৰত আছে বুলি মন্তব্য কৰিছে আৰক্ষী বিষয়াজনে ।

তদন্তকাৰী বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰিছে আৰু তথ্য সংগ্ৰহৰ বাবে স্থানীয় গাঁওবাসীৰ সৈতে কথা পাতিছে যদিও বিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

উত্তৰ মহাৰাণীপুৰ হৈছে খোৱাই জিলাৰ থলুৱা লোক অধিক থকা অঞ্চল, যি ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ ভূ-খণ্ডৰ অন্তৰ্গত । জামাতিয়াই জনোৱা মতে, ৰাইজৰ পৰা আৰক্ষীয়ে আশা কৰা ধৰণে সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু সেয়ে, মোবাইল ফোনৰ ৰেকৰ্ড বিচাৰিছে । এই ৰেকৰ্ডবোৰৰ পৰা আৰক্ষীয়ে নিশ্চয় কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে । মোবাইলৰ অৱস্থানৰ তথ্যৰ পুংখানুপুংখ বিশ্লেষণে ঘটনাটো সংঘটিত হোৱা সময়ত সেই স্থানত সক্ৰিয় থকা ফোন নম্বৰবোৰ প্ৰকাশ কৰিব ।

এই ফোন নম্বৰৰ ওপৰত ভিত্তি কৰি সন্দেহযুক্ত অভিযুক্তৰ এখন তালিকা তৈয়াৰ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, কাৰ্যকৰী তদন্তৰ বাবে তিনিজনীয়া বিষয়াৰ এটা দল গঠন কৰা হৈছে । আৰক্ষী উপ-পৰিদৰ্শক জয়ন্ত দাসক তদন্তকাৰী বিষয়া হিচাপে নিযুক্ত কৰা হৈছে আৰু আন এজন উপ-পৰিদৰ্শক পৰ্যায়ৰ বিষয়াই তেওঁক তদন্তৰ সময়ত সহায় কৰি আছে । লগতে তেওঁ ব্যক্তিগতভাৱে নিতৌ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতি নিৰীক্ষণ কৰি আছে বুলিও মন্তব্য কৰে ।

প্ৰকৃততে ঘটনাটোৰ সৈতে জড়িত থকা লোকসকলক আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই বুলি মন্তব্য কৰিছে খোৱাই জিলাৰ আৰক্ষী অধীক্ষক কিৰণ কুমাৰে । শীঘ্ৰেই গোচৰটোৰে জড়িত লোকসকলক কৰায়ত্ত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । দুটা গোচৰ কল্যাণপুৰ আৰক্ষী থানাত আৰু এটা মুংগিয়াকামি আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছে ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বৈঠকত উপস্থিত থাকিব কংগ্ৰেছ দল

ABOUT THE AUTHOR

...view details