নেশ্য়নেল ডেস্ক, ৪ জানুৱাৰী : ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰত মঙলবাৰে নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাজ্যসভাৰ সাংসদ বিপ্লব কুমাৰ দেৱৰ পিতৃ গৃহৰ বাহিৰত কোনো অচিনাক্ত লোকে পুৰোহিতৰ এটা দলক আক্ৰমণ কৰে (Attacked in ancestral home of former Tripura CM at Udaipur)। পুৰোহিতৰ এটা দল উদয়পুৰৰ জামজুৰি অঞ্চলৰ ৰাজধানীগৰত দেৱৰ বাসগৃহত উপস্থিত হোৱাৰ সময়তে ঘটনাটো সংঘটিত হৈছিল । আক্ৰমণকাৰীয়ে পুৰোহিতৰ দলটোক আক্ৰমণ কৰিয়েই ক্ষান্ত নাথাকি বাসগৃহটোত থকা বহুতো সামগ্ৰী আৰু বাহনত অগ্নি সংযোগ কৰে (Attacked at Udaipur of Gomati in Tripura)।
পুৰোহিতসকলে বুধবাৰে বিপ্লব কুমাৰ দেৱৰ পিতৃৰ বাৰ্ষিক শ্ৰাদ্ধ অনুষ্ঠানত যজ্ঞ কৰিবলৈ বাসগৃহলৈ যোৱাৰ সময়তে সংঘটিত হোৱা এই অবাঞ্চিত ঘটনাটোৱে ৰাজ্য়খনত চাঞ্চল্য়ৰ সৃষ্টি কৰিছে । আৰক্ষীৰ সৃত্ৰ অনুসৰি পুৰোহিতসকলে বুধবাৰে ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ পিতৃৰ বাৰ্ষিক শ্ৰাদ্ধ অনুষ্ঠানত যজ্ঞ কৰিবলৈ ইয়াত উপস্থিত হৈছিল (Attacked on home of Biplab Kumar Deb)। ইয়াৰ পিছতেই দুৰ্বৃত্তই পুৰোহিতসকলক আক্ৰমণ কৰি তেওঁলোকৰ বাহনৰো ক্ষতিসাধন কৰে ।
ইপিনে, এই ভুক্তভোগী পুৰোহিতসকলৰ জীতেন্দ্ৰ কৌশিকে উক্ত ঘটনা সন্দৰ্ভত কয়,"মই মা ত্ৰিপুৰা সুন্দৰী মন্দিৰ দৰ্শন কৰিবলৈ আহিছিলো (Maa Tripura Sundari temple)। ইয়াৰ পিছত মই গুৰুদেৱৰ নিৰ্দেশত বুধবাৰে অনুষ্ঠিত হ'বলগীয়া যজ্ঞৰ প্ৰস্তুতি চাবলৈ ইয়ালৈ আহিছিলো । হঠাতে দুৰ্বৃত্তৰ এটা দলে আহি মোক আক্ৰমণ কৰে । তেওঁলোকে মোৰ বাহনখনৰো ক্ষতিসাধন কৰে । ইয়াৰ পিছতেই তেওঁলোকে এলাৰ্ম বজাই পলাই গৈছিল ।" তেওঁলোকে চিপিআই(এম) বা আন কোনো নহয় বুলি শ্ল'গান দিছিল বুলিও তেওঁ কয় ।