অসম

assam

দক্ষিণ ত্ৰিপুৰাত নৃশংস হত্যাকাণ্ড, গ্ৰেপ্তাৰ এজন

By

Published : May 15, 2021, 10:24 PM IST

দক্ষিণ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত গাবতালী অঞ্চলত হৰিডয় দে (১৩) আৰু তেওঁৰ সৰু ভগ্নী গীতা দে (১১)ক নৃশংসভাৱে হত্যা সুগ্ৰীভ ত্ৰিপুৰা নামৰ লোকজনৰ ।

tripura crime
দক্ষিণ ত্ৰিপুৰাত নৃশংস হত্যাকাণ্ড, গ্ৰেপ্তাৰ এজন

নেশ্যনেল ডেস্ক, ১৫ মে': বৃহস্পতিবাৰে দক্ষিণ ত্ৰিপুৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । দুই নাবালকক নৃশংসভাৱে হত্যা কৰে এজন লোকে । ঘটনা অনুসৰি, বৃহস্পতিবাৰে দক্ষিণ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত গাবতালী অঞ্চলত হৰিডয় দে (১৩) আৰু তেওঁৰ সৰু ভগ্নী গীতা দে (১১)ই গৰু চৰাবলৈ পথাৰলৈ গৈছিল । তেনেতে সুগ্ৰীভ ত্ৰিপুৰা নামৰ এজন লোকে দুই ভাতৃ-ভগ্নীক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

গৰু চৰাবলৈ যোৱা দুয়ো ভাতৃ-ভগ্নী উভতি নহাৰ পাচত পৰিয়ালৰ লোক চিন্তিত হয় । পাচত বিচাৰ খোচাৰ লগাত স্থানীয় লোক আৰু পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছিল যদিও সমগ্ৰ অঞ্চলটোত তালাচী চলোৱাৰ পাচতো তেওঁলোকৰ কোনো সম্ভেদ নাপালে । স্থানীয় ৰাইজে তেওঁলোকৰ বাসগৃহৰ কিছু নিলগত থকা এটা পুখুৰীত ভাতৃ-ভগ্নীৰ মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰে । এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাচত সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ইতিমধ্যে এই ঘটনাৰে জড়িত সুগ্ৰীভ ত্ৰিপুৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: কৰ'ণাই প্ৰাণ কাঢ়িলে মমতা বেনাৰ্জীৰ কনিষ্ঠ ভাতৃৰ

ABOUT THE AUTHOR

...view details