নেশ্যনেল ডেস্ক,12 জানুৱাৰী :ত্ৰিপুৰাৰ তাকাৰজালা আৰক্ষীয়ে মঙলবাৰে নিষিদ্ধ ঘোষিত সংগঠন NLFTৰ সৈতে জৰিত 4 জনকৈ লোকক আটক কৰে ৷ লোক কেইজনৰ পৰা কেইবাটাও অত্যাধুনিক মাৰণাস্ত্ৰ, আপত্তিজনক নথি-পত্ৰ আৰু কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, মঙলবাৰে পুৱা তেওঁলোকক তাকাৰজালা থানাৰ অধীনত অৰ্জুন ঠাকুৰ পাৰাৰ পৰা আটক কৰা হৈছে ৷
আটকাধীন লোক কেইজন হৈছে, লালদাংগা ৰেয়াং, জীৱন ৰেয়াং, গংগাৰাম ৰেয়াং আৰু সিংঘমণি ৰেয়াং ৷ এইসকলৰ ভিতৰত গংগাৰাম ৰেয়াঙক NLFT ৰ স্বয়ম্ভু লেফটেনেন্ট বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ আনহাতে অসমৰ হাইলাকান্দি জিলাৰ সিংঘামনি ৰেয়াঙক NLFT ৰ সৈতে জৰিত নহয় বুলি কোৱাৰ লগতে আন এক নিষিদ্ধ ঘোষিত সংগঠন UDLFB ৰ লগত জৰিত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷