অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত চিপিএম দলৰ বৃহৎ প্ৰতিবাদী সমদল - tripura manik

ক্ষমতাত নাথাকিলেও পুনৰ নিজৰ শক্তি প্ৰদৰ্শনেৰে ত্ৰিপুৰাত চিপিএম দলে আয়োজন কৰিলে এক বৃহৎ সমদলৰ । সমদলত হাজাৰ হাজাৰ দলীয় কৰ্মী-নেতাই অংশগ্ৰহণ কৰে । অনুষ্ঠানত বিজেপি চৰকাৰৰ বিভিন্ন ধৰণে সমালোচনা চিপিএমৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে ।

ত্ৰিপুৰাত চিপিএম দলৰ বৃহৎ প্ৰতিবাদী সমদল
ত্ৰিপুৰাত চিপিএম দলৰ বৃহৎ প্ৰতিবাদী সমদল

By

Published : Feb 27, 2021, 8:44 PM IST

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী:ত্ৰিপুৰাত পুনৰ ৰণডংকা বজালে চিপিএম দলে । ক্ষমতাত নাথাকিলেও দলটোৱে পুনৰ নিজৰ শক্তি প্ৰদৰ্শনেৰে আয়োজন কৰিলে এক বৃহৎ সমদলৰ । দলটোৰ যুৱ সংগঠনৰ আহ্বানত বিশাল সমদলৰ লগতে এক ৰাজহুৱা সভাৰো আয়োজন কৰা হয় য'ত চিপিএম দলৰ শীৰ্ষ নেতৃত্ব আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা মানিক সৰকাৰ উপস্থিত থাকে । ৰাজ্যজুৰি পুনৰ চিপিএম দলৰ পুনৰুত্থানৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীতে আহ্বান জনালে অনুগামীসকলক । তেওঁৰ দাবী মানুহে বিজেপিক অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে । কেৱল এয়াই নহয় বিজেপি নেতাসকলে মানুহৰ আগত মুখ দেখুৱাবলৈ ভয় কৰিছে বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে । বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ থকা প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে শাসনলৈ অহাৰ পিছত তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিবিলাক ক'ত এতিয়া গ'ল ? যুৱকসকলক আকৰ্ষণ কৰিবলৈ দিয়া নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ সলনি এতিয়া বহুতে চাকৰি হেৰুওৱা বুলি দাবী কৰে নেতাগৰাকীয়ে । নিযুক্তিকে ধৰি চিকিৎসা ক্ষেত্ৰৰ উন্নয়নৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিও আজি বিজেপি চৰকাৰে পাহৰিলে বুলি অভিযোগ উত্থাপন কৰে ।

এমজিএনৰেগা আঁচনিৰ ক্ষেত্ৰতো চৰকাৰে বিভিন্ন ধৰণৰ লুণ্ঠন চলোৱাৰ অভিযোগ তুুলি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী । প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰদ্যুৎ কিশোৰকো সমালেচনা কৰিলে মানিক সৰকাৰে । আহি থকা টিটিএএডিচি নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যখনত আঞ্চলিক দল সমূহক পৃথক টিপ্ৰালেণ্ডৰ প্ৰলোভন দি এক কৰাৰ বাবে প্ৰদ্যুৎ কিশোৰে কৰা আহ্বানক তীব্ৰ ভাষাৰে গৰিহণা দিলে নেতাগৰাকীয়ে । প্ৰদ্যুৎ কিশোৰৰ নাম নোলোৱাকৈ নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে যিহেতু বিজেপিৰ নেতাসকলে মুখ উলিয়াবলৈ ভয় কৰে সেয়ে একাংশই বিজেপিৰ বি দল হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছে । কেৱল এয়াই নহয় বিজেপি চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰা দেখা জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰক ।

উল্লেখ্য যে চিপিএম দলে এক বৃহৎ কাৰ্যসূচীৰ পৰিকল্পনা কৰি আগৰতলাৰ স্বামী বিবেকানন্দ ষ্টেডিয়ামত সমদল আয়োজনৰ অনুমতি বিচাৰিছিল কিন্তু চৰকাৰে তেওঁলোকৰ অনুমতি গ্ৰহণ নকৰিলে যাৰ বাবে এনেদৰে পুনৰ বাৰ নিজৰ অস্তিত্ব প্ৰকাশ কৰিবলৈ হাজাৰ হাজাৰ চিপিএম কৰ্মী একত্ৰিত হ'ল ত্ৰিপুৰাত ।

........................CHANGE THUMBNAIL..............

লগতে পঢ়ক:মিজোৰাম বিধানসভা অধিৱেশনৰ সমীক্ষা

ABOUT THE AUTHOR

...view details