অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ ভাষণত বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰিছেঃ মাণিক চৰকাৰ

বিজেপি-আইপিএফটি চৰকাৰৰ তৃতীয় বাৰ্ষিকী উপলক্ষে শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়োৱা ভাষণৰ কেতবোৰ ভুল আঙুলিয়াই দিছে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰে । তেওঁ কয় যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে ইচ্ছাকৃতভাৱে বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰিছে ।

প্ৰধানমন্ত্ৰীৰ ভাষণত বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰিছেঃ মাণিক চৰকাৰ
প্ৰধানমন্ত্ৰীৰ ভাষণত বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰিছেঃ মাণিক চৰকাৰ

By

Published : Mar 13, 2021, 2:06 PM IST

নেশ্যনেল ডেস্ক, ১৩ মাৰ্চ: শুক্ৰবাৰে ত্ৰিপুৰাত বিজেপি-আইপিএফটি চৰকাৰৰ তৃতীয় বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাৰ্চুৱেল মাধ্যমেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বক্তব্য আগবঢ়াইছিল । কিন্তু প্ৰধানমন্ত্ৰীৰ ভাষণক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰে । ভাষণ প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইচ্ছাকৃতভাৱে বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

চি পি এমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, "যোৱা ৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে, ত্ৰিপুৰা শক্তিৰ অভাৱে জুৰুলা কৰা ৰাজ্য" । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আসোঁৱাহ দেখুৱাই কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে হয়তো পাহৰি গৈছে যে, তেওঁ সেইগৰাকী ব্যক্তি আছিল, যিয়ে পালাতানা শক্তি প্ৰকল্পৰ দ্বিতীয় ইউনিট উদ্বোধন কৰিছিল । ত্ৰিপুৰাৰ ডবল ইঞ্জিন বৃদ্ধিৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ সমালোচনা কৰি মাণিক চৰকাৰে কয় যে, তেওঁ "ডবল ইঞ্জিন" চৰকাৰৰ সাফল্যক ইতিবাচক সুৰ দিবলৈ চেষ্টা কৰিছিল আৰু দাবী কৰিছিল যে ত্ৰিপুৰাৰ লোকসকলে বৰ্তমান চৰকাৰে কৰা কাম প্ৰত্যক্ষ কৰি আছে ।

মাণিক চৰকাৰে কয় যে "মই ক'ব বিচাৰো, তেওঁ ভুল নাছিল । ত্ৰিপুৰাৰ মানুহক এনে পৰিস্থিতিত থাকিবলৈ বাধ্য কৰা হৈছিল, যি পৰিস্থিতি ত্ৰিপুৰাত পূৰ্বে কেতিয়াও হোৱা নাছিল" । তেওঁ লগতে কয় যে, বিজেপি-আইপিএফটি চৰকাৰৰ শাসন কালত গণতান্ত্ৰিক অধিকাৰবোৰ খৰ্ব কৰা হৈছে । মানুহে আধা আহাৰ খাই ভোকত থাকিবলগীয়া হৈছিল । শিশু বিক্ৰী কৰাৰ ঘটনাও এই চৰকাৰৰ শাসন কালতে হৈছে বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে । অৱশ্যে, চি পি এম নেতাগৰাকীয়ে ত্ৰিপুৰাৰ জনসাধাৰণক কৰা সহায়ৰ বাবে বাংলাদেশক প্ৰশংসা কৰে ।

লগতে ফেনি মৈত্ৰী সেঁতু আৰু পালাতানা শক্তি প্ৰকল্পৰ বাবে গধুৰ সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত বাংলাদেশে আগবঢ়োৱা সমৰ্থনৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । ইফালে, জনশক্তি পৰিকল্পনা বিভাগে জাৰি কৰা এক স্মাৰকপত্ৰ অনুসৰি, বিভিন্ন বিভাগৰ বাবে উৎস জনশক্তিৰ বাবে পাঁচটা সংস্থাক পেনেলত অন্তৰ্ভুক্ত কৰা হৈছে । স্মাৰকপত্ৰত উল্লেখ থকা মতে, এই সংস্থাবোৰৰ জৰিয়তে নিয়োজিত হ'বলগীয়া প্ৰাৰ্থীসকলে ৭,২০০ ৰ পৰা ১৭,২০০ টকাৰ বেতন পাব বুলি আশা কৰা হৈছে ।

আনহাতে, চৰকাৰী বেতন নিয়ম অনুসৰি, এই কৰ্মচাৰীসকলে প্ৰতি মাহে ১৬ হাজাৰৰ পৰা ৩৭ হাজাৰ টকা লাভ কৰাৰ অধিকাৰ আছে । স্মাৰকপত্ৰখনে চৰকাৰৰ উদ্দেশ্য পৰিষ্কাৰ কৰিছে আৰু বৰ্তমান চৰকাৰে শিক্ষিত যুৱক-যুৱতী আৰু চাকৰিৰ সন্ধানত থকা লোকসকলৰ বিৰুদ্ধে একপ্ৰকাৰৰ যুদ্ধ ঘোষণা কৰিছে বুলি মাণিক চৰকাৰে মন্তব্য কৰে । "ডবল ইঞ্জিন"ক "সমস্যা ইঞ্জিন" আখ্যা দি বিৰোধী দলৰ নেতাসকলৰ ওপৰত ধাৰাবাহিকভাৱে হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী বিপ্লাব কুমাৰ দেৱে নিৰৱতা অৱলম্বন কৰাক লৈও তেওঁ সমালোচনা কৰে ।

তেওঁ কয় যে, বাৰে বাৰে চিপিএম দলৰ নেতাসকল আক্ৰমণৰ সন্মুখীন হয়, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কেতিয়াও এনে ঘটনাৰ বিৰুদ্ধাচৰণ কৰি এটা শব্দও উচ্চাৰণ নকৰে । মুখ্যমন্ত্ৰীৰ নিৰৱতাৰ বাবে দুৰ্বৃত্তই পুনৰ এনে ঘটনা সংঘটিত কৰাৰ সাহস পাইছে । কিন্তু এনে পৰিস্থিতি অব্যাহত ৰাখিব নোৱাৰি বুলিও মাণিক চৰকাৰে মন্তব্য কৰে ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ ডোদাত সন্ত্ৰাসবাদী আটক

ABOUT THE AUTHOR

...view details