আগৰতলা, 5 ডিচেম্বৰ: ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কঠোৰ অভিযান অব্যাহত ৰাখিছে (Anti drugs mission in Assam) ৷ ইয়াৰ মাজতো একাংশ অপৰাধীয়ে আৰক্ষীৰ চকুত ধুলি ছটিয়াই নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ চলাই অহাৰ বাতৰিয়ে শিৰোনামা দখল কৰি আহিছে (cannabis with Smuggler arrested) ৷ এইবাৰ অসম ত্ৰিপুৰা সীমান্তত মেঘালয়ৰ শ্বিলঙলৈ ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গাঞ্জা সৰবৰাহ কৰাৰ ঘটনা পোহৰলৈ আহিছে (cannabis seized Assam Tripura border) ৷
দেওবাৰে ত্ৰিপুৰা আৰু অসম সীমান্তৰ চুৰাইবাৰী আন্তঃৰাজ্যিক চেক পোষ্টত অসম আৰক্ষীয়ে অভিযান চলাই এটা গাঞ্জা সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ আগৰতলাৰ খৈৰপুৰৰ পৰা অসম অভিমুখে এখন থকা ছয় চকীয়া বাহন আহি আছিল ৷ এই বাহনখনত আৰক্ষীয়ে তালাচী চলাওঁতে প্ৰায় 50 (worth Rs 50 lakh cannabis seized) লাখ টকাৰ গাঞ্জা জব্দ কৰাৰ লগতে এজন ট্ৰাক চালককো গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক:Drugs seized in Sonitpur : প্ৰায় 3 লাখ টকাৰ ড্ৰাগছসহ আটক 5 সৰবৰাহকাৰী