আগৰতলা, ২১ ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ লক্ষ্যৰে এইবাৰ আনাৰস(pineapple) গছৰ পাতৰ পৰা কাপোৰ তৈয়াৰ কৰাৰ যো-জা চলাইছে ত্ৰিপুৰা(Tripura)ই । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Biplab Kumar Deb) এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । সোমবাৰে তেওঁ হস্ততাঁত, হস্তশিল্প আৰু ৰেচম বিভাগৰ বিষয়াসকলৰে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় ।
মুখ্যমন্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত আনাৰস গছৰ পাতৰ পৰা কাপোৰ তৈয়াৰ কৰিবলৈ বিভাগীয় বিষয়াসকলক চিন্তা-চৰ্চা কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে এই ক্ষেত্ৰত নতুন প্ৰযুক্তিগত উন্নয়ন সাধন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে । কিয়নো, ৰাষ্ট্ৰীয় পৰ্যায়ত এনে কাপোৰৰ যথেষ্ট চাহিদা আছে ।
আনহাতে, বৈঠকত এগৰাকী উচ্চ পদস্থ বিষয়াই কয় যে সমগ্ৰ ত্ৰিপুৰাতে আনাৰসৰ বাগিচা বিস্তাৰিত হৈ আছে । ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা থকা আনাৰস গছৰ পাতৰ পৰা তৈয়াৰী কাপোৰ ত্ৰিপুৰাত উৎপাদন কৰিব পৰাটো নিশ্চিত কৰিবলৈ বিভাগটোৱে প্ৰয়োজনীয় পদক্ষেপ লোৱা উচিত ।